চিৰাঙৰ গৰুভাষাত নাবালিকাক ধৰ্ষণ; দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী চন্দন ব্ৰহ্মৰ

Chirang rape case

চিৰাঙৰ গৰুভাষাৰ নাৰ্জাৰি গাঁৱত শনিবাৰে সংঘটিত এক ধৰ্ষণকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি অনুসৰি এজন  মুছলমান কবিৰাজে ঔষধ বিক্ৰী কৰিবলৈ আহি এটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ মানসিকভাৱে বিকাৰগ্ৰষ্ট এগৰাকী ১১ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰে।

নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে ছোৱালীজনিক চিকিৎসা প্ৰদান কৰাৰ বাবদ কবিৰাজে এহেজাৰ টকাৰ ৫০০ টকা প্ৰথমে দিবলৈ কোৱাত নাবালিকা গৰাকীৰ মাকে নিজৰ লগত টকা নথকাত ওচৰৰ ঘৰৰ পৰা টকা আনিবলৈ যাওঁতে ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি লম্পট কবিৰাজে এই দুস্কাৰ্য সংঘটিত কৰে।

অভিযুক্ত কবিৰাজ গৰাকীক ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আজগৰ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁ পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

উক্ত ঘটনাৰ তদন্ত কৰিবলৈ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সহযোগত ভুক্তভোগী পৰিয়ালে চিদলী আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে।তদুপৰি আজি উক্ত পৰিয়ালটোৰ ঘৰত অসমৰ মন্ত্ৰী তথা চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ম উপস্থিত হৈ ঘটনাৰ বুজ লয়। তেওঁ দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, একাংশ ক্ষুব্ধ ৰাইজে ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী জনাই পৰিবেশ উত্তাল কৰি তুলে। ইয়াৰ উপৰি এবছু আৰু বি পি এফৰ কৰ্মীসকলেও নাবালিকা গৰাকীৰ ঘৰত উপস্থিত হৈ এই জঘন্য কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক শাস্তি প্ৰদানৰ দাবী তোলে।