• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ এছ এছ উঠা কাৰেং ঘৰক গাখীৰ ঢালি শুচি কৰা অশ্বিনী চেতিয়াৰ সংঘৰ লাঠী ট্ৰেইনিঙৰ ফটো ভাইৰেল

এসময়ত আৰ এছ এছক "অশুচি" জ্ঞান কৰা অশ্বিনী চেতিয়াৰ আৰ এছ এছৰ লাঠী ট্ৰেইনিঙৰ ফটো ভাইৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 4:21 pm
Ashwini Chetia at RSS Camp
4.1k
VIEWS
Share on FacebookShare on Twitter

কেইমাহ মান পূৰ্বে জাতীয়তাবাদী শিবিৰ এৰি হিন্দুত্ববাদী দল বিজেপিত যোগদান কৰা আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ এখন ফটোক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰু ব্যংগ-বিদ্ৰূপ দেখা গৈছে।

আটাছুৰ প্ৰাক্তন নেতাজনক ফটোখনত দেখা গৈছে (যিখন ব্যাপক হাৰত বিভিন্ন মন্তব্য আৰু টেগৰ সৈতে শ্বেয়াৰ কৰি থকা হৈছে) আৰ এছ এছৰ পোচাক আৰু হাতত লাঠী লৈ সংগঠনটোৰ শিবিৰত অংশগ্ৰহণ কৰা ৰূপত।

চেতিয়াই যোৱা ২৫ মাৰ্চত আটাছুৰ দায়িত্ব ত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

তাৰ আগলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাত আন্দোলন কৰা আটাছুক সন্মুখৰ পৰা নেতৃত্ব দিছিল চেতিয়াই। সদৌ মৰাণ ছাত্ৰ সন্থা, কৃষক মুক্তি, আছু আদিকে ধৰি মুঠ ৭০টা দল-সগঠনৰ সৈতে কৰা এই প্ৰবল আন্দোলনটোৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল অশ্বিনী চেতিয়া।

“বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমবাসীক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিছে”, নেতাজনে এই বক্তব্য দিছিল বিজেপিত যোগদান কৰাৰ মাত্ৰ তিনি মাহৰ পূৰ্বে (৪ জানুৱাৰিত) শিৱসাগৰৰ এটা প্ৰতিবাদস্থলীত।

কিন্তু এই মুহূৰ্তত ফটোখনে দিয়া আটাইতকৈ আমোদজনক সংযোগটো হ’ল- ২০১৭ চনত আৰ এছ এছে অশুচি কৰা বুলি কাৰেংঘৰক গাখীৰ ঢালি শুচি কৰা ঘটনাটো, যিটোক আন কিছু সংখ্যকৰ লগতে অশ্বিনী চেতিয়ায়ো নেতৃত্ব দিছিল।

কিন্তু সেই অশ্বিনী চেতিয়াই আজি হাতত লাঠী লৈ, খাকী পোচাকত সংঘৰ (আৰ এছ এছৰ) শিবিৰত কুচকাৱাজত ব্যস্ত, ৰাজ্যখনৰ জাতীয়তাবাদী শিবিৰৰ বাবে বোধহয় ইয়েই এই মুহূৰ্তত আটাইতকৈ লজ্জাজনক দৃশ্য।

উল্লেখ কৰিব পাৰি, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান বিজেপি সাংসদ তপন কুমাৰ গগৈয়েও নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থত বিজেপিত যোগদান কৰিয়ে খাকী হাফপেণ্টত সংঘত পদসঞ্চালন কৰা দেখা গৈছিল।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd