চাৰি হাতীৰ আহমেদাবাদ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন

Gauhati HC Judges donate for fight against COVID-19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাইল ফটো

অসমৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা হাতী স্থানান্তৰণ বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল হৈছে।

উত্তৰ ভাৰতৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ মাজত হাতী চাৰিটা পৰিবহণৰ বাবে অসমৰ বন বিভাগে লোৱা কাৰ্য্যপন্থাক প্ৰত্যাহ্বান জনাই অভিনৱ প্ৰয়াস নামৰ গুৱাহাটীস্থিত এটা বেচৰকাৰী সংস্থাৰ সচিব উৰ্মি মালা দাস আৰু ‘Purr Paws Foundation’ৰ প্ৰতিষ্ঠাপক নন্দিনী বৰুৱাই ভাৰতীয় সংবিধানৰ ২২৬ প্ৰবন্ধৰ অধীনত ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখন কৰিছে।

অহা ৪ জুলাইৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’ব লগা ৰথ যাত্ৰা উৎসৱত অংশ লোৱাৰ বাবে দুগৰাকী মাইকীকে ধৰি চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণৰ বাবে অসমৰ বন বিভাগে অনুমতি প্ৰদান কৰিছিল।

জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে আৱেদনকাৰীৰ হৈ থিয় দিব আৰু অহা ২৪ জুনত পি আই এলখন তালিকাকৃত কৰিবৰ বাবে অনুমতি দিয়া হৈছে। গোচৰটোৰ নম্বৰ হৈছে PIL No.39/2019.

আৱেদনকাৰীসকলৰ মতে অসমৰ বন বিভাগৰ সিদ্ধান্ত বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ সংশ্লিষ্ট ধাৰা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ উলংঘন।

উত্তৰ ভাৰতত চলিত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত ৰে’লৰ ডবাত হাতী পৰিবহণে পশুকেইটাক প্ৰচণ্ড চাপ, যন্ত্ৰণা আৰু নৃশংসতাৰ বলি কৰিব আৰু তেওঁলোকে দীঘলীয়া ৩১০৬ কিঃ মিঃ যাত্ৰাত বাচি নাথাকিবও পাৰে, আৱেদনখনে কয়।

আৱেদনকাৰীয়ে কয় যে চাৰিটা হাতীৰ দুটা বন্দী অৱস্থাত জন্ম হোৱা যেন লগা নাই, আৰু বনৰ পৰা ধৰি আনি ঘৰচীয়া কৰা হৈছে।

তেওঁলোকে কয় যে দুটা হাতীত মাইক্ৰ’চিপ ১৫ জুনত সংস্থাপিত কৰা হৈছে আৰু আহমেদাবাদলৈ পৰিবহণ প্ৰক্ৰিয়া সহজ কৰিবৰ বাবেই হাতী দুটাক মালিকৰ প্ৰমাণপত্ৰ দিয়া হৈছে।

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অধীনত সূচী ১ৰ অধীনত ভাৰতীয় হাতী এক নম্বৰ সূচীকৃত পশু, আৰু আইনখনৰ ধাৰা ৯ই বনৰ পৰা হাতী ধৰা বাৰণ কৰিছে।

আৱেদনকাৰীয়ে লগতে কয় যে অসমৰ বাহিৰৰ ৰাজ্যলৈ ভাৰাত দিয়া ৫৩টা হাতীও ঘূৰি নাহিল।

তেওঁলোকে লগতে অসম আৰু অৰুণাচল প্ৰদেশত চলি থকা এক বৃহৎ চোৰাং কাৰবাৰ চক্ৰৰ কথাও উল্লেখ কৰিছে।

লগতে পঢ়িবলৈ ক্লিক কৰক– অসমৰ চাৰি হাতীৰ আহমেদাবাদ যাত্ৰাত বাধা আৰোপৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন