• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ চাৰি হাতীৰ আহমেদাবাদ যাত্ৰাত বাধা আৰোপৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 21, 2019 8:07 pm
sangita_iyer_resizedInstant writ-petition filed in Gauhati High Court to prevent journey of 4 elephants to Ahmedabad
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ নিব খোজা চাৰিটা অপ্ৰাপ্তবয়স্ক হাতীৰ পৰিবহণ তাৎক্ষণিকভাৱে ৰোধ কৰাৰ প্ৰাৰ্থনাৰে সংগীতা আয়াৰ নামৰ এগৰাকী বিদেশবাসী ভাৰতীয়ই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক তৎকালীন লেখ আৱেদন দাখিল কৰিছে।

বতৰ অনুকূল নোহোৱালৈকে আৰু বনৰ পৰা ধৰা বুলি অভিযোগ উঠা হাতী দুটাৰ আইনগত স্থিতি প্ৰতিষ্ঠা নোহোৱা পৰ্য্যন্ত হাতীকেইটাৰ পৰিবহণ বন্ধ কৰাৰ বাবে কানাদাৰ টৰন্ত’ নিবাসী আৱেদনকাৰীগৰাকীয়ে উচ্চ ন্যায়ালয়ত আৱেদন জনাইছে।

Apply Now

উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈকে চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণৰ বাতৰি ইতিমধ্যেই প্ৰকাশিত হৈছে, এই পৰিবহণৰ বাবে অসমৰ বন বিভাগেও ইতিমধ্যে অনুমতি প্ৰদান কৰিছে।

বহুবঁটাপ্ৰাপ্ত প্ৰকৃতি আৰু বন্যপ্ৰাণী বিষয়ক সাংবাদিক আৰু চিনেমা নিৰ্মাতা আয়াৰে কয় যে প্ৰচণ্ড গৰমত ৯৬ ঘণ্টীয়া যাত্ৰা হাতী চাৰিটাৰ কাৰণে যন্ত্ৰণাদায়ক হ’ব।

তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰখ্যাত পশু অধিকাৰ কৰ্মী, আৰু ভইচ অৱ এছিয়ান এলিফেণ্ট চ’চাইটিৰ কাৰ্য্যবাহী সঞ্চালক।

আয়াৰ Gods in Shackle নামৰ বঁটা-বিজয়ী তথ্যচিত্ৰখনৰ কাৰ্য্যবাহী প্ৰযোজক আৰু পৰিচালক।

চিনেমাখনে ১৩টাকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মান লাভ কৰিছিল, আৰু International Elephant Film Festival আৰু CITESৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ মনোনীত হৈছিল।

“৫০ ডিগ্ৰী ছেলছিয়াছৰ নৃশংস উষ্ণতা অপ্ৰাপ্তবয়স্ক হাতীকেইটাই মোকাবিলা কৰাত বিফল হ’ব। তেওঁলোকক নিবও খোজা ধাতুৰ বুগিত যি লক্ষণীয়ভাৱে গৰম হ’ব,” আৱেদনকাৰীগৰাকীয়ে কয়।

সন্মানীয় নাৰী শক্তি পুৰস্কাৰ প্ৰাপক আয়াৰে লগতে কয় যে ভাৰত বৰ্তমান ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহৰ মাজত আছে যাৰ ফলত উত্তৰ ভাৰতত কেইবাশও লোক নিহত হৈছে।

“হাতীৰ ঘৰ্ম গ্ৰন্থি নাই বা সিহঁতৰ ছালত ফুটাও নাই, সিহঁতে শৰীৰৰ পৰা গৰম বাহিৰ কৰিব নোৱাৰে,” আয়াৰে কয়।

এনে প্ৰচণ্ড উষ্ণ পৰিৱেশত অভ্যন্তৰীণ শাৰীৰিক উষ্ণতাই বিপদসীমা অতিক্ৰম কৰিব পাৰে, আৰু মূৰ্চ্ছা যোৱা আৰু হাতীৰ হঠাৎ মৃত্যুৰ কাৰণ হ’ব পাৰে, তেওঁ কয়।

“বোকাত লেটি লৈ, পুখুৰীত ডুব মাৰি, বোকা আৰু পানী ছটিয়াই, আৰু তেওঁলোকৰ কাণেৰে নিৰন্তৰ বিচি হাতীয়ে নিজকে শীতল কৰে,” তেওঁ কয়। “কিন্তু এটা বন্ধ বাকচত তীব্ৰ গৰমত চাৰিদিনীয়া ভ্ৰমণত সিহঁতৰ দেহত অকল পানী কমাই নহয়, হীট ষ্ট্ৰ’কত মৃত্যুমুখতো পৰিব পাৰে।”

এগৰাকী নীতিনিষ্ঠ হিন্দু আয়াৰে যুক্তি দিয়ে যে কোনো হিন্দু শাস্ত্ৰই ভগৱান জগন্নাথক সন্তুষ্ট কৰাৰ নামত আটাইতকৈ সহনশীল, বুদ্ধিমান আৰু সামাজিক প্ৰাণী হাতীক এনে ব্যৱহাৰৰ পোষকতা কৰা নাই।

“ভগৱানে আচলতে তেজৰ চকুলো টুকিব আৰু তেওঁৰ সৰগীয় সৃষ্টিক এনে গঞ্জনা ভুগোৱাসকলক শাও দিব,” তেওঁ কয়।

আয়াৰে কয় হাতী ভাৰতৰ ঐতিহ্য প্ৰাণী আৰু ইয়াক আই ইউ চি এন-এ ১নং সূচীৰ প্ৰাণীৰূপে শ্ৰেণীকৰণ কৰিছে। ভাৰত এছিয়ান হস্তীৰ ৬০ শতাংশৰ আৱাসভূমি। “কিন্তু এই প্ৰাণীবিলাকক প্ৰত্যেকখন ৰাজ্যতে নিষ্ঠুৰ ব্যৱহাৰ কৰা হয়,” তেওঁ কয়।

বন্যপ্ৰাণী অধিকাৰ কৰ্মীগৰাকীয়ে কয় যে হাতী চাৰিটাক পণ্যৰ দৰে ব্যৱহাৰ কৰা হৈছে। “অসমৰ ব্যক্তিগত মালিককেইজনে ধনৰ কাৰণে জগন্নাথ মন্দিৰক সিহঁতক ভাৰালৈ দিছে, আৰু ভক্তসকলেও বহু টকা দিব,” আয়াৰে কয়।

“এইটো বিদ্ৰূপাত্মক নহয় নে যে ভাৰতত পূজা কৰা প্ৰাণীটোক একেখিনি মানুহেই পণ্যৰ ৰূপ দিছে?” তেওঁ কয়।

সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতিৰে আয়াৰে কয় যে “তীব্ৰ ৰাজনৈতিক হেঁচা”ই বন্যপ্ৰাণী সুৰক্ষা আইন ভংগকাৰী বন বিষয়াসকলৰ সিদ্ধান্তক পৰিচালিত কৰিছে। “হাতী চাৰিটাক বচোৱাৰ সলনি অসমৰ বন বিষয়াসকলে বিশ্বাস ভংগ কৰিছে,” তেওঁ কয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd