• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

বাতৰি অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া কানপুৰৰ গংগা বেৰেজৰ সমীপৰ নাথা পুৰৱা গাঁৱৰ পথাৰত এখন প্ৰশিক্ষণ বিমান ভাঙি পৰে। দুৰ্ঘটনাৰ তীব্ৰ শব্দই আতংক বিয়পাই দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 27, 2026 2:49 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক বিমান দুৰ্ঘটনা। বৃহস্পতিবাৰে দুপৰীয়া প্ৰশিক্ষণৰ সময়ত এটা ব্যক্তিগত কোম্পানীৰ প্ৰশিক্ষণ বিমানখন হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বিমানখনত আছিল এজন প্ৰশিক্ষাৰ্থী পাইলট আৰু এজন প্ৰশিক্ষক। দুয়োজনৰে মৃত্যু হয়। এজনৰ থিতাতে মৃত্যু হয়। আনজন পাইলট গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।

Apply Now

সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া কানপুৰৰ গংগা বেৰেজৰ সমীপৰ নাথা পুৰৱা গাঁৱৰ পথাৰত এখন প্ৰশিক্ষণ বিমান  ভাঙি পৰে। দুৰ্ঘটনাৰ তীব্ৰ শব্দই আতংক বিয়পাই দিয়ে। স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে।

প্ৰাথমিক তথ্য অনুসৰি এই বিমানখন আছিল প্ৰশিক্ষণৰ উদ্দেশ্যে ব্যৱহাৰ কৰা টুইন ইঞ্জিনযুক্ত প্ৰশিক্ষণ বিমান। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বিমানখনত এজন প্ৰশিক্ষাৰ্থী পাইলট আৰু এজন প্ৰশিক্ষক আছিল। মাটিত খুন্দা মৰাৰ পিছতে বিমানখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে। প্ৰথমতে জনা গৈছে যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন টেকনাম পি২০০৬টি আছিল। এই বিমানখন পৰিচালনা কৰিছিল ‘গৰ্গ এভিয়েশন’ নামৰ এটা কোম্পানীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত নিহত দুজন হৈছে কৰ্ণাটকৰ বাসিন্দা অভিষেক পূজাৰী আৰু গুজৰাটৰ বাসিন্দা সুমিত ভাটিয়া। জনা যায় যে প্ৰশিক্ষক পাইলটজনৰ ৩০০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল।

কানপুৰৰ গংগা বেৰেজৰ সমীপৰ এই অঞ্চলটো ঘন জনবসতিপূৰ্ণ। সেই অঞ্চলৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোৱে এক বৃহৎ বিপদ ৰোধ কৰা বুলিও অনুমান কৰা হৈছে। যদিহে বিমানখন জনবসতিপূৰ্ণ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হ’লহেঁতেন তেন্তে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পালেহেঁতেন।

কানপুৰত সংঘটিত বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হ’ব। বিমানখনৰ ধ্বংসাৱশেষ পৰীক্ষা কৰি যান্ত্ৰিক ত্ৰুটি আছিল নেকি সেইটো নিৰ্ণয় কৰা হ’ব। একে সময়তে বিমানখনৰ উৰণৰ পূৰ্বে কেনেধৰণৰ পৰীক্ষা কৰা হৈছিলনে নাই আৰু প্ৰশিক্ষণৰ সময়ত নিৰ্ধাৰিত সুৰক্ষা নিয়ম মানি চলিছিল নে নাই সেই বিষয়েও তদন্তকাৰীয়ে পৰীক্ষা কৰিব।

কানপুৰত চলিত বৰ্ষত সংঘটিত এইটো আন এক প্ৰশিক্ষণ বিমান দুৰ্ঘটনা। জুন মাহত কানপুৰৰ চাকেৰী বিমানবন্দৰত প্ৰশিক্ষণ লৈ বিমানখনৰ পৰা নামি থকা অৱস্থাত এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী পাইলটে চলন্ত প্ৰপেলাৰত আঘাত পাইছিল। এই ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হয়। ডিজিচিএই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে তদন্তৰ সময়ত সংশ্লিষ্ট প্ৰশিক্ষকজনক প্ৰশিক্ষণৰ কৰ্তব্যৰ পৰা আঁতৰাই দিয়া হৈছিল।

ইয়াৰ কিছুদিন পিছতে উত্তৰ প্ৰদেশৰ কাছগঞ্জত এখন প্ৰশিক্ষণ বিমানে জৰুৰীভাৱে অৱতৰণ কৰিছিল। সেই ঘটনাত পাইলট নিৰাপদে আছিল। ফলত বাৰে বাৰে এনেধৰণৰ ঘটনাত প্রশিক্ষণ বিমানৰ সুৰক্ষা ব্যৱস্থাক লৈ প্রশ্ন উত্থাপন হৈছে৷

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd