কাৰিপুৰত পূৰ্বে ২৭ বাৰ বিমান অৱতৰণ কৰিছিল দুৰ্ঘটনাত নিহত পাইলট দীপক ছাথেই

deepak

শুকুৰবাৰে কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে দ্বিখণ্ডিত হৈ পৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান খনৰ পাইলট দীপক বসন্ত ছাথেৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে দেশত।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী সুদক্ষ পাইলট হিচাবে পৰিচিত দীপক ছাথেই এবাৰ নহ’য়,দুবাৰ নহ’য়,প্ৰায় ২৭ বাৰ কাৰিপুৰৰ বিমান বন্দৰত বহু বিমানৰ সফল অৱতৰণ কৰিছিল।

এই তথ্য সদৰী কৰিছে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। কোজিকোডৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে অনুষ্ঠিত কৰা সংবাদ মেলত এই কথা প্ৰকাশ কৰে।

তেওঁ কয় যে দীপক ছাথেৰ আছিল ১০,০০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা।

ইমানৰ পিছতো তেওঁ কালিৰ দুৰ্ঘটনাটো প্ৰতিহত কৰিব নোৱাৰিলে।

দীপক ছাথেই ২০০৩ চনতে এয়াৰ ইণ্ডিয়াৰ পৰা অৱসৰ লৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত যোগদান কৰিছিল।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ এয়াৰ ইণ্ডিয়াৰে সহযোগী সংস্থা।

১৯৮১ চনত পুনেৰ নেচনেল ডিফেন্স একাডেমীৰ পৰা উত্তীৰ্ণ ছাথেই সেই বছৰতে এয়াৰ ইণ্ডিয়াত যোগ দিছিল।

অৱসৰৰ পিছত তেওঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত এগৰাকী কেপ্তেইন হিচাবে যোগ দিয়ে।

অভিজ্ঞতাৰ দিশৰ পৰা কোনো পৈনত ছাথেই আনকি কালি বিপদৰ আশংকা কৰি দুবাৰ কৈ বিমান খন অৱতৰণ নকৰা কৈ আছিল।

তৃতীয়বাৰৰ চেষ্টাতে ঘটি গৈছিল অঘটনটো।