তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে
ওপৰে গেৰুৱা, মাজত শুকুলা
তলত শ্যামল আছে
বগাৰ মাজত অশোক চক্ৰ
চিত্ৰ জিলিকি ৰয়
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয়।

জাতীয় পতাকাৰ লহৰে আজি দেশবাসীৰ হৃদয়ত দেশপ্ৰেমৰ টো তুলি গৈছে। দেশ এখনৰ বাবে জাতীয় পতাকাখন গৌৰৱ আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক৷ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্বক জাতীয় পতাকা এখনে সঠিকভাৱেই প্রতিফলিত কৰিব পাৰে। স্বাধীন ভূ-খণ্ড এটাক জাতীয় পতাকা উত্তোলন কৰিব পৰাটো পৰম বীৰত্বৰ কথা। মানৱ জাতিয়ে যেতিয়াৰে পৰা সু-সভ্য হ’বলৈ শিকিলে তেতিয়াৰে পৰা পতাকাৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে। তাহানিৰ দিনত যেতিয়া সমাজখন সু-সংঘবদ্ধ নাছিল তেতিয়াই পতাকাই একো একোটা সৰু সৰু জনগোষ্ঠীক প্রতিনিধিত্ব কৰিছিল। 

আফ্ৰিকাৰেই হওক বা অষ্ট্ৰেলিয়াৰে হওঁক, সকলো জনগোষ্ঠীয়েই নিজৰ আধিপত্যৰ প্রমাণ দিবলৈ একো একোখন বিশেষ বস্ত্ৰ পতাকা হিচাপে ব্যৱহাৰ কৰিছিল। পতাকাতেই নিহত হৈ থাকে জাতি এটাৰ, দেশ এখনৰ গৌৰৱ তথা পৰাক্ৰমৰ কথা। ভাৰত স্বাধীন হোৱাৰ আগৰে পৰাই ব্ৰিটিছ ৰাজেও অখণ্ড ভাৰতৰ বাবে এখন উমৈহতীয়া জাতীয় পতাকাৰ কথা চিন্তা কৰিছিল। সেই মৰ্মে ব্ৰিটিছ ৰাজে জাতীয় পতাকা এখন প্রস্তুত কৰি উলিওৱাৰ বিষয়ত অধিক গুৰুত্ব দিছিল৷ কিন্তু ব্ৰিটিছৰ দিনত আমাৰ দেশখন বহুকেইগৰাকী শাসকৰ অধীনত আছিল। দেশৰ বিভিন্ন অঞ্চলত সৰু সৰু ৰজাই শাসন কৰিছিল। এনে পৰিস্থিতিত সমগ্ৰ দেশৰ বাবে ব্ৰিটিছে এখন উমৈহতীয়া জাতীয় পতাকা গ্রহণ কৰাটো টান হৈ পৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ ৰাজে থিৰাং কৰিছিল যে সমগ্ৰ ভাৰতক একত্ৰিত কৰি ৰাখিবলৈ এখন উমৈহতীয়া জাতীয় পতাকাৰ নিতান্তই প্রয়োজন।

সেই বাবেই ব্ৰিটিছে কানাডা আৰু অষ্ট্ৰেলিয়াৰ আৰ্হিত এখন জাতীয় পতাকা প্রস্তুত কৰি উলিয়াইছিল। পতাকাখনত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা তৰা চিহ্ন সন্নিৱিষ্ট কৰা হৈছিল। ব্ৰিটিছৰ এগৰাকী বিষয়া উলিয়াম কোল্ডষ্ট্ৰিমে ব্ৰিটিছৰ পতাকাখনৰ পৰা ভাৰতক প্রতিনিধিত্ব কৰা তৰা চিহ্নটো আঁতৰ কৰাৰ প্রস্তাৱ দিছিল যদিও লৰ্ড কাৰ্জনে তেওঁৰ প্রস্তাৱ নাকচ কৰি পতাকাখনত কেনে প্রতীক ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে কেইবাজনো ভাৰতীয় লোকৰ সৈতে আলোচনা কৰিছিল। লৰ্ড কাৰ্জনৰ অনুৰোধমৰ্মে ব্ৰিটিছৰ দিনতেই বাল গংগাধৰ তিলকে ব্ৰিটিছৰ পতাকাখনত গণেশৰ মূৰ্তি অংকনৰ পৰামৰ্শ আগবঢ়াইছিল। একেদৰে অৰবিন্দ ঘোষে পতাকাখনত কালী মূৰ্তি আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে পতাকাখনত গৰুৰ ছবি অৰ্থাৎ গো-মাতাৰ ছবি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল৷

কিন্তু তেওঁলোকে আগবঢ়োৱা পৰামৰ্শ হিন্দু মতাদৰ্শ কেন্দ্ৰিক হোৱাৰ বাবেই সেই প্রস্তাৱ লৰ্ড কাৰ্জনে মানি ল’বলৈ অমান্তি হৈছিল। ১৯০৫ চনত বংগ বিভাজনৰ পিছত দেশত ব্ৰিটিছৰ বিৰুদ্ধে স্বদেশী আন্দোলনে দেশত তীব্ৰ ৰূপত গা কৰি ‘উঠিছিল। সেই সময়ত স্বদেশী আন্দোলনৰ গুৰি ধৰোতাসকলে ব্ৰিটিছ ৰাজক প্রত্যাহ্বান জনাই স্বদেশী আন্দোলনৰ গুৰি ধৰোতাসকলে এখন নতুন পতাকা প্রস্তুত কৰিছিল। সেউজীয়া, ৰঙা আৰু হালধীয়া ৰংযুক্ত পতাকাখনত বন্দে মাতৰম্‌ শ্লোগান হিন্দী ভাষাত লিখা হৈছিল।

পতাকাখন পৰৱৰ্তী সময়ত ১৯০৭ চনত মেডাম ভিকাজি কামাই কলিকতাত উত্তোলন কৰিছিল। পৰাধীন ভাৰতক চিষ্টাৰ নিবেদিতাইয়ো ভাৰতৰ বাবে এখন পতাকাৰ আৰ্হি আগবঢ়াইছিল৷ ১০৮টা চাকি অংকিত পতাকাখনৰ মাজ অংশত বিজুলী ঢেৰেকণিৰ ছবিৰ লগতে বন্দে মাতৰম্‌ শ্লোগান সন্নিৱিষ্ট কৰি নতুন পতাকা এখন প্রস্তুত কৰাৰ বাবে চিষ্টাৰ নিবেদিতাই ১৯০৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ওচৰত প্রস্তাৱ দাখিল কৰিছিল। কিন্তু বিভিন্ন কাৰণত উক্ত প্রস্তাৱ অগ্ৰাহ্য হৈছিল। ১৯১৬ চনত ভাৰতী জাতীয় কংগ্ৰেছে চুৰায়া তৈয়বজীক দিয়া নিৰ্দেশ অনুসৰি তৈয়বজীয়ে পৰাধীন ভাৰতৰ বাবে জাতীয় পতাকাৰ ত্ৰিশটা আৰ্হি প্রস্তুত কৰি জাতীয় কংগ্ৰেছৰ ওচৰত দাখিল কৰিছিল।

সেই বছৰতেই এনী বেছান্ত আৰু বাল গংগাধৰ তিলকে পৰাধীন ভাৰতৰ বাবে ইউনিয়ন জেকৰ আৰ্হিত আন এখন পতাকা প্রস্তুত কৰি ‘উলিয়াইছিল। কিন্তু পতাকাখন কোম্বাইতোৰত উত্তোলন কৰাৰ পিছতেই বিটীছ ৰাজে পতাকাখন নিষিদ্ধ কৰিছিল। ১৯২১ চনত গান্ধী পতাকা নামৰ আন এখন পতাকা প্রস্তুত কৰা হৈছিল। সেই পতাকাখনত বগা, সেউজীয়া আৰু ৰঙা ৰং সন্নিৱিষ্ট কৰি পতাকাখনৰ মাজত এটা যঁতৰৰ চিহ্ন অংকন কৰা হৈছিল। যঁতৰৰ চিহ্ন অংকন কৰাৰ ধাৰণাটো প্রথমে দিছিল লালা হংসৰাজে ৷ কিন্তু পতাকাখনে মুছলমান ধৰ্মাৱলম্বী লোকক প্রতিনিধিত্ব নকৰা বুলি অভিযোগ উঠাৰ পিছত পতাকাখনৰ গুৰুত্বও কমি আহিছিল।

১৯২৩ চনৰ ১৩ এপ্ৰিলত চুৰায়া তৈয়বজীয়ে যঁতৰৰ চিহ্ন সন্নিৱিষ্ট কৰি প্রস্তুত কৰা পতাকাখন জালিয়ানাবাগত একাংশ কংগ্ৰেছ সদস্যই উত্তোলন কৰিছিল। কিন্তু ব্ৰিটিছৰ আৰক্ষীয়ে পতাকাখন নমাই অনাৰ লগতে কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত নিৰ্মমভাৱে জঁপিয়াই পৰিছিল। ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে তৈয়বজীয়ে প্রস্তুত কৰা পতাকাখন গ্ৰহণ কৰিছিল। উক্ত পতাকাখন বহু বছৰ ধৰি স্বৰাজ আন্দোলনৰ পতাকা হিচাপে ব্যৱহাৰ হৈ আছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ কিছুদিন পূৰ্বে স্বাধীন ভাৰতৰ বাবে এখন পতাকা প্রস্তুত কৰিবৰ বাবে নৱ-ঘোষিত সংবিধান সভাই সেই চনৰে ২৩ জুনৰ দিনা ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এখন তদৰ্থক সমিতি গঠন কৰি দিছিল। সমিতিখনৰ সদস্য হিচাপে আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু,চি ৰাজা গোপালাচাৰী, কে এম মুঞ্চী আৰু বি আৰ আম্বেদকাৰ ৷ ১৯৪৭ চনৰ ১৪ জুলাইৰ দিনা ভাৰতীয় জাতীয় কংগ্ৰেছে ব্যৱহাৰ কৰি থকা পতাকাখনত সামান্য পৰিৱৰ্তন ঘটাই স্বাধীন ভাৰতৰ জাতীয় পতাকা হিচাপে ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। সমিতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখনত অশোক চক্ৰৰ ছবি সন্নিৱিষ্ট কৰাৰ পৰামৰ্শ দিয়ে।

২৪ডাল দণ্ডযুক্ত অশোক চক্ৰই ধৰ্ম তথা সত্যৰ জয়কে প্রতিফলিত কৰি আহিছে বাবেই সেই চিহ্ন জাতীয় পতাকাখনত সন্নিৱিষ্ট কৰাৰ পৰামৰ্শ দিয়া হৈছিল। ১৯৪৭ চনৰ ২২ জুলাইৰ দিনা পণ্ডিত জৱাহৰলাল নেহৰুৱে গেৰুৱা, বগা, সেউজীয়া ৰঙৰ ত্ৰিৰংগা পতাকাখনৰ প্রস্তাৱ আগবঢ়াইছিল। পতাকাখনত অশোক চক্ৰৰ চিহ্নও সন্নিৱিষ্ট আছিল। পৰৱৰ্তী সময়ত সেই পতাকাখনেই দেশৰ জাতীয় পতাকা ৰূপে গ্ৰহণ কৰা হয়। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আজি আমি যিখন জাতীয় পতাকা সগৌৰৱে উত্তোলন কৰি আছোঁ সেই পতাকাৰ আৰ্হি পিছে প্রস্তুত কৰিছিল বৰ্তমানৰ অন্ধ্ৰপ্রদেশৰ অতি সাধাৰণ জীৱন-যাপন কৰা এজন লোকে। পৰাধীন ভাৰতত বহুজনে পতাকাৰ আৰ্হি প্রস্তুত কৰিছিল যদিও ১৯১৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰ আৰ্হি যিগৰাকী ব্যক্তিয়ে প্রস্তুত কৰিছিল তেওঁৰ আৰ্হিহে স্বাধীনোত্তৰ ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি হিচাপে গ্ৰহণ কৰা হৈছিল। সেইগৰাকী মহান ব্যক্তি আছিল বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশৰ মছলিপট্টনমৰ পিংগলি ভেংকায়া ৷ পিংগলি ভেংকায়াই প্রস্তুত কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখনেই পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২২ জুলাইৰ দিনা সংবিধান সভাই ভাৰতীয় জাতীয় পতাকা হিচাপে গ্ৰহণ কৰে।

১৫ আগষ্টৰ দিনা দেশবাসীয়ে মহা ধুম-ধামাৰে দেশৰ গৌৰৱ তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক জাতীয় পতাকা উত্তোলন কৰি আহিছে যদিও পতাকাখনৰ আৰ্হি প্রস্তুত কৰা ব্যক্তিগৰাকী পিছে প্রকৃত শ্ৰদ্ধা লাভৰ পৰা যেন বঞ্চিত হৈয়েই ৰৈছে। স্বাধীনতা প্রাপ্তিৰ আনন্দত যেন আমি ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰা ব্যক্তিগৰাকীক ১৫ আগষ্টৰ দিনটোতো স্মৰণ কৰিবলৈ পাহৰি পেলাও ৷ আনকি আমি বহুতেই নাজানো জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰা পিংগলি ভেংকায়া নামৰ ব্যক্তিগৰাকীৰ বিষয়ে সামান্য কথাখিনিও। ১৯৭৬ চনৰ ২ আগষ্টৰ দিনা বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাৰ মছলিপট্টনমৰ সমীপৰ য়াৰলাগাডাত জন্ম হৈছিল ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰোতা পিংগলি ভেংকায়াৰ। তেলেণ্ড ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভেংকায়াই মছলিপট্টনমত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ অন্তত উচ্চ শিক্ষাৰ বাবে কলম্বোলৈ গৈছিল।

পৰৱৰ্তী সময়ত তেওঁ হীৰাৰ খনিত এগৰাকী বিশেষজ্ঞ হিচাপে কাম কৰাৰ লগতে দক্ষিণ আফ্ৰিকাত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ হৈয়ো সেৱা আগবঢ়াইছিল। দক্ষিণ আফ্ৰিকাতেই ভেংকায়াৰ সাক্ষাৎ হৈছিল মহাত্মা গান্ধীৰ সৈতে ৷ মহাত্মাৰ ব্যক্তিত্ব আৰু আদৰ্শই ভেংকায়াক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহি ভেংকায়াই বাংগালোৰত ৰে’লৰ গাৰ্ড হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ ব্ৰিটিছ চৰকাৰৰ অধীনত প্লেগ বিষয়া হিচাপে কিছুদিন কাম কৰি লাহোৰলৈ গৈছিল। তাতেই তেওঁ উৰ্দু আৰু জাপানী ভাষা শিকিছিল।

উত্তৰ ভাৰতত পাঁচটা বছৰ কটোৱা ভেংকায়াই দাদাভাই নৌৰজীৰ উৎসাহত জাতীয় চেতনাৰে উদ্ভদ্ধ হৈ পৰিছিল।তেওঁ কৃষি বিজ্ঞানৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছিল। দেশৰ কপাহ খেতিয়কসকলৰ বাবে তেওঁ উন্নত জাতৰ কপাহ উদ্ভাৱনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সেই বাবেই তেওঁক ব্ৰিটেইনৰ ৰ’য়েল এগ্ৰিকালচাৰ ছ’চাইটিয়ে সন্মানীয় সদস্য পদ আগবঢ়াইছিল। কাকিনাডাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সময়ত পিংগলি ভেংকায়াক এখন পতাকাৰ আৰ্হি প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

সেই নিৰ্দেশৰ ভিত্তিতেই য’তৰৰ চিহ্ন সন্নিৱিষ্ট কৰি প্রস্তুত কৰিছিল জাতীয় পতাকাৰ এক আৰ্হি ৷ যি আৰ্হি পৰৱৰ্তী সময়ত সামান্য সাল-সলনি ঘটাই আজিৰ জাতীয় পতাকাখনৰ সৃষ্টি হৈছে। ১৯৬৩ চনৰ ৪8 জুলাইৰ দিনা অন্ধ্ৰপ্ৰদেশৰ বিজৱাড়াত ভাৰতীয় জাতীয় পতাকাখনৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াৰ মৃত্যু ঘটিছিল। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৬ বছৰ। ১৫ আগষ্টৰ পৱিত্ৰ ক্ষণত ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়ালৈ আমি যাচিছোঁ সশ্ৰদ্ধ প্রণিপাত।