• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদকৰ লগতে ‘বেষ্ট ফাইটাৰ’ৰ খিতাপ জয় মৰাণৰ পিংকু লাহনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 5:16 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থকাৰ মাজতে ৰাজ্যখনলৈ পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ এজন প্ৰতিভাৱান ক্ৰীড়াবিদে। পশ্চিমবংগৰ ৰূপনাৰায়ণপুৰত অনুষ্ঠিত হোৱা দশম ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ ২০২৫-ত মৰাণৰ পিংকু লাহনে সোণৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰা এই বৃহৎ সাফল্যই এতিয়া সমগ্ৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলক উৎসাহিত কৰি তুলিছে।

ডিব্ৰুগড় জিলাৰ ধেমেচী হালধিবাৰী গাঁৱৰ ললিত লাহনৰ পুত্ৰ পিংকু লাহনে ৫০ কেজি শাখাত অসম দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰে। কেৱল সোণৰ পদকেই নহয়, সমগ্ৰ প্ৰতিযোগিতাখনৰ ভিতৰত তেওঁ ‘বেষ্ট ফাইটাৰ’ (Best Fighter) সন্মান লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এজন দিন-হাজিৰা কৰা পিতৃৰ সন্তান পিংকুৰ বাবে এই যাত্ৰা সহজ নাছিল। পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ মাজতো অদম্য সাহস আৰু একাগ্ৰতাৰ বলত তেওঁ আজি এই সফলতাৰ শিখৰত উপনীত হৈছে।

Apply Now

সাফল্য অৰ্জনৰ পাছত আবেগিক হৈ পিংকু লাহনে কয় যে “দেউতাই যিহেতু দিন-হাজিৰা কৰে, সেয়ে আৰ্থিকভাৱে আমাৰ বহুত সমস্যা হয়। মা-দেউতাই অতি কষ্ট কৰি মোক খেলিবলৈ পঠাইছে। ইয়াৰ পূৰ্বেও মই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছোঁ, কিন্তু এইবাৰ ‘বেষ্ট ফাইটাৰ’ৰ সন্মান পোৱাত মই অধিক সুখী।” খেলুৱৈগৰাকীয়ে তেওঁৰ এই সফলতাত বিজেপি নেতা ৰঞ্জিত বৰুৱাই আগবঢ়োৱা আৰ্থিক সহযোগিতাৰ কথাও কৃতজ্ঞতাৰে সোঁৱৰণ কৰে।

পিংকুৰ এই সফলতাত মৰাণৰ লগতে সমগ্ৰ ধেমেচী অঞ্চলত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা সমাজকৰ্মী ৰঞ্জিত বৰুৱাই খেলুৱৈগৰাকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায়। বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়— “নতুন বছৰৰ আৰম্ভণিতে এয়া সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ। এজন প্ৰতিভাৱান যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে। আমি আশা কৰিছোঁ ভৱিষ্যতে পিংকুৱে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰতো উজলি উঠিব।”

দৰিদ্ৰতাক জয় কৰি পিংকুৱে কঢ়িয়াই অনা এই সফলতা এতিয়া ৰাজ্যৰ সহস্ৰাধিক উদীয়মান ক্ৰীড়াবিদৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd