• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুইলেৰম’ ডেলট’ৰ’জ ‘পিন’কিঅ’’ : এখন অস্কাৰ বিজয়ী এনিমেটেড ফিল্মৰ কাহিনী

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
April 28, 2023 12:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিন‘কিঅ‘-শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৯৫ সংখ্যক অস্কাৰ বঁ‌টা প্ৰতিযোগিতাত শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্মৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হোৱা পিন‘কিঅ‘ ছবিখনৰ নামটিৰ আগত পৰিচালক গুইলেৰম‘ ডেলট‘ৰজৰ নামটো সংযুক্ত কৰি দিয়া হৈছে। পিন‘কিঅ‘ই অস্কাৰ বঁ‌টা আৰু অন্যান্য বঁ‌টাৰ উপৰিও, শ্ৰেষ্ঠ এনিমেটেড ছবিৰ গ‘ল্ডেন গ্ল‘ব আৰু বাফটা বঁ‌টাও লাভ কৰিবলৈ সক্ষম হৈছে। ১৮৮৩ চনৰেই একে নামৰ এখনি গ্ৰন্থৰ পৰা এই চিনেমাখনৰ কাহিনীভাগ লোৱা হৈছে। চিত্ৰনাট্য লিখিছে-পৰিচালক গুইলেৰম‘ ডেলট‘ৰ‘ৰ লগতে পেট্ৰিক মেকহেলে। ২০১৮ বৰ্ষৰ স্পাইডাৰমেন ইন্টু স্পাইডাৰ ভাৰ্ছৰ পিছৰ দ্বিতীয়খন অ-ডিজনী এনিমেটেড ছবি পিন‘কিঅ‘-যিয়ে অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখন দৰ্শকৰ বাবে নেটফ্লিক্সত উপলব্ধ।

সাংগিতীক হাস্যৰসধৰ্মী ছবিৰ আৰম্ভণি দুই পিতা-পুত্ৰ জেপেট‘ আৰু কাৰ্ল‘ছৰ দৈনিক জীৱনচৰ্যাৰে। এটি শ্ৰুতিমধুৰ গীতৰ মাজেৰেই পিতা-পুত্ৰৰ সম্পৰ্ক আৰু আত্মীয়তাক প্ৰতিষ্ঠা কৰে চিত্ৰনাট্যকাৰে। ছবিৰ আৰম্ভণিৰ পৰাই কাহিনীৰ ক্ষীপ্ৰ গতি যদিও সাৱলীল তথা মনোগ্ৰাহী। ১০মিনিটৰ ভিতৰতেই দৰ্শকক ছবিখনৰ লগত সংযুক্ত কৰিবলৈ সক্ষম পৰিচালক। আৰম্ভণিৰে পৰাই এনিমেচনৰ লগতেই চকুত লগা ফ্ৰেংক পাছিঙহামৰ আলোকশিল্পৰ কাম। বিভিন্ন সময়ত পোহৰৰ ব্যৱহাৰ এক সুন্দৰ দিশ ছবিখনৰ।  সচৰাচৰ যিধৰণৰ এনিমেটেড চৰিত্ৰৰ অৱয়বৰ উপস্থাপন হয় এনে ছবিবোৰত,তাতকৈ পিন‘কিঅ‘ কিছু পৃথক। জেপেট‘ আৰু কাৰ্ল‘ছৰ আত্মীয়তাত দৰ্শক একাত্ম হওঁতেই,এক দুৰ্ঘটনাত জেপেট‘ই মৰমৰ পুত্ৰক হেৰুৱাই। দীৰ্ঘকালৰ বাবে শোকস্তব্ধ হৈ থকা জেপেট‘ৰ জীৱনলৈ হঠাতে এজন ঔপন্যাসিক(এটি জিলি পোক)ৰ আগমণ ঘটে আৰু তাৰ সমান্তৰালকৈ জেপেট‘ই কাঠেৰে পুনৰাই জীৱিত কৰিব বিচৰা কাৰ্লছৰ অৱয়বত অৰণ্য ৰক্ষক শক্তিয়ে প্ৰাণ দি সৃষ্টি কৰা পিন‘কিঅ‘ৰ আগমণে হতভম্ব কৰি তোলে জেপেট‘ক। জেপেট‘ক পিন‘কিঅ‘ই”পাপা”সম্বোধন কৰিবলৈ লয়। সম্পূৰ্ণ পৰিৱৰ্তিত পৰিবেশৰ মাজত সহাৱস্থান কৰিবলৈ লোৱা দুয়োৰে জীৱনলৈ হঠাতে আহি পৰা ঘটনাবহুলতা আৰু পট পৰিৱৰ্তনক লৈয়েই চিনেমাৰ পৰৱৰ্তী অংশ আগবাঢ়ে। কিছু আৱেগ-বিধুৰতা,হাস্যৰস,প্ৰাণচঞ্চলতাৰ মাজেৰে কল্প-কাহিনীৰেও সঁ‌চা জীৱন কথন পিন‘কিঅ‘। কলা নিৰ্দ্দেশনাৰ লগতেই সম্পাদনাৰ দিশো প্ৰশংসনীয়।

Apply Now

 আৱহ-সংগীত আৰু গীতসমূহৰ কাম কৰিছে-আলেকজেণ্ডাৰ ডেছপ্লেটে-যি পিন‘কিঅ‘ৰ আন এক সুন্দৰ দিশ। মুঠতে ক‘বলৈ গ‘লে ছবি নিৰ্মাতাই কোনো দিশতেই চকুত লগা কোনো আসোঁৱাহ ৰখা নাই। শেষাংশৰ ফাললৈ ছবিত উৎকন্ঠা,উত্তেজনাৰো উপাদান আছে। তৰংগ-শীৰ্ষত এক ধনাত্মক পৰিণতিক দৰ্শালেও,বাস্তৱক অগ্ৰাহ্য কৰাও নাই। এক কথাত ক‘বলৈ গ‘লে ১১৭ মিনিটৰ এই ছবিখন সকলো বয়সৰ লোকেই উপভোগ কৰিব পাৰিব।

লেখিকাৰ মেইল – [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd