গুইলেৰম’ ডেলট’ৰ’জ ‘পিন’কিঅ’’ : এখন অস্কাৰ বিজয়ী এনিমেটেড ফিল্মৰ কাহিনী

পিনকিঅ‘-শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৯৫ সংখ্যক অস্কাৰ বঁ‌টা প্ৰতিযোগিতাত শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্মৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হোৱা পিনকিঅছবিখনৰ নামটিৰ আগত পৰিচালক গুইলেৰমডেলটৰজৰ নামটো সংযুক্ত কৰি দিয়া হৈছে। পিনকিঅই অস্কাৰ বঁ‌টা আৰু অন্যান্য বঁ‌টাৰ উপৰিও, শ্ৰেষ্ঠ এনিমেটেড ছবিৰ গল্ডেন গ্লব আৰু বাফটা বঁ‌টাও লাভ কৰিবলৈ সক্ষম হৈছে। ১৮৮৩ চনৰেই একে নামৰ এখনি গ্ৰন্থৰ পৰা এই চিনেমাখনৰ কাহিনীভাগ লোৱা হৈছে। চিত্ৰনাট্য লিখিছে-পৰিচালক গুইলেৰমডেলটৰ লগতে পেট্ৰিক মেকহেলে। ২০১৮ বৰ্ষৰ স্পাইডাৰমেন ইন্টু স্পাইডাৰ ভাৰ্ছৰ পিছৰ দ্বিতীয়খন অ-ডিজনী এনিমেটেড ছবি পিনকিঅ‘-যিয়ে অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখন দৰ্শকৰ বাবে নেটফ্লিক্সত উপলব্ধ।

সাংগিতীক হাস্যৰসধৰ্মী ছবিৰ আৰম্ভণি দুই পিতা-পুত্ৰ জেপেটআৰু কাৰ্লছৰ দৈনিক জীৱনচৰ্যাৰে। এটি শ্ৰুতিমধুৰ গীতৰ মাজেৰেই পিতা-পুত্ৰৰ সম্পৰ্ক আৰু আত্মীয়তাক প্ৰতিষ্ঠা কৰে চিত্ৰনাট্যকাৰে। ছবিৰ আৰম্ভণিৰ পৰাই কাহিনীৰ ক্ষীপ্ৰ গতি যদিও সাৱলীল তথা মনোগ্ৰাহী। ১০মিনিটৰ ভিতৰতেই দৰ্শকক ছবিখনৰ লগত সংযুক্ত কৰিবলৈ সক্ষম পৰিচালক। আৰম্ভণিৰে পৰাই এনিমেচনৰ লগতেই চকুত লগা ফ্ৰেংক পাছিঙহামৰ আলোকশিল্পৰ কাম। বিভিন্ন সময়ত পোহৰৰ ব্যৱহাৰ এক সুন্দৰ দিশ ছবিখনৰ।  সচৰাচৰ যিধৰণৰ এনিমেটেড চৰিত্ৰৰ অৱয়বৰ উপস্থাপন হয় এনে ছবিবোৰত,তাতকৈ পিনকিঅকিছু পৃথক। জেপেটআৰু কাৰ্লছৰ আত্মীয়তাত দৰ্শক একাত্ম হওঁতেই,এক দুৰ্ঘটনাত জেপেটই মৰমৰ পুত্ৰক হেৰুৱাই। দীৰ্ঘকালৰ বাবে শোকস্তব্ধ হৈ থকা জেপেটৰ জীৱনলৈ হঠাতে এজন ঔপন্যাসিক(এটি জিলি পোক)ৰ আগমণ ঘটে আৰু তাৰ সমান্তৰালকৈ জেপেটই কাঠেৰে পুনৰাই জীৱিত কৰিব বিচৰা কাৰ্লছৰ অৱয়বত অৰণ্য ৰক্ষক শক্তিয়ে প্ৰাণ দি সৃষ্টি কৰা পিনকিঅৰ আগমণে হতভম্ব কৰি তোলে জেপেটক। জেপেটক পিনকিঅই”পাপা”সম্বোধন কৰিবলৈ লয়। সম্পূৰ্ণ পৰিৱৰ্তিত পৰিবেশৰ মাজত সহাৱস্থান কৰিবলৈ লোৱা দুয়োৰে জীৱনলৈ হঠাতে আহি পৰা ঘটনাবহুলতা আৰু পট পৰিৱৰ্তনক লৈয়েই চিনেমাৰ পৰৱৰ্তী অংশ আগবাঢ়ে। কিছু আৱেগ-বিধুৰতা,হাস্যৰস,প্ৰাণচঞ্চলতাৰ মাজেৰে কল্প-কাহিনীৰেও সঁ‌চা জীৱন কথন পিনকিঅ। কলা নিৰ্দ্দেশনাৰ লগতেই সম্পাদনাৰ দিশো প্ৰশংসনীয়।

 আৱহ-সংগীত আৰু গীতসমূহৰ কাম কৰিছে-আলেকজেণ্ডাৰ ডেছপ্লেটে-যি পিনকিঅৰ আন এক সুন্দৰ দিশ। মুঠতে কবলৈ গলে ছবি নিৰ্মাতাই কোনো দিশতেই চকুত লগা কোনো আসোঁৱাহ ৰখা নাই। শেষাংশৰ ফাললৈ ছবিত উৎকন্ঠা,উত্তেজনাৰো উপাদান আছে। তৰংগ-শীৰ্ষত এক ধনাত্মক পৰিণতিক দৰ্শালেও,বাস্তৱক অগ্ৰাহ্য কৰাও নাই। এক কথাত কবলৈ গলে ১১৭ মিনিটৰ এই ছবিখন সকলো বয়সৰ লোকেই উপভোগ কৰিব পাৰিব।

লেখিকাৰ মেইল – rimli.borkotoky1985@gmail.com