NORTHEAST NOW (Assamese)

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

January 18, 2021 6:07 pm · এন ই নাও নিউজ

স্বাধীনতাৰ দাবীত উত্তাল হৈছে পাকিস্তানৰ সিন্ধুপ্ৰদেশ।

বিগত কিছুদিনৰ পৰা প্ৰদেশখনৰ বিভিন্ন অংশত পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবীত আন্দোলন চলি আছে।

এই আন্দোলনত প্ৰদেশখনৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে বুলি প্ৰকাশ পাইছে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

ইফালে দেওবাৰে স্বাধীনতাৰ দাবীত প্ৰদেশখনৰ বিক্ষোভকাৰীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাসহ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ফ’টো লৈ প্ৰতিবাদী সমদল উলিওৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দেওবাৰে সিন্ধুপ্ৰদেশৰ ছান অঞ্চলত স্বাধীনতাৰ দাবীত বাহিৰ কৰোৱা মিছিলত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল।

বিক্ষোভকাৰীসকলে সিন্ধুপ্ৰদেশ সিন্ধু সভ্যতাৰ আৱাসগৃহ বুলি দাবী কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ দাবী যে বৈদিক ধৰ্মৰ উৎপত্তিস্থলো হৈছে পাকিস্তানৰ সিন্ধুপ্ৰদেশ।

১৯৪৭ চনত সিন্ধুপ্ৰদেশক ঔপনিৱেশিক ব্ৰিটিছে অবৈধভাৱে পাকিস্তানত চামিল কৰে বুলিও দাবী কৰিছে বিক্ষোভকাৰীসকলে।

“অতীতৰপৰা বৰ্তমানলৈকে সকলো সময়তে সিন্ধুপ্ৰদেশৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত বৰ্বৰোচিত আক্ৰমণ কৰি আহিছে। শত আঘাতৰ স্বত্বেও নিজৰ ইতিহাস জীয়াই ৰাখি সংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হৈছে ইয়াৰ মানুহ।… কিন্তু ব্ৰিটিছ আৰু তাৰ পিছত পাকিস্তান চৰকাৰে সিন্ধুপ্ৰদেশৰ সেই আদৰ্শক ক্ৰমাগতভাৱে ধ্বংস কৰিবলৈ চেষ্টা চলাই আহিছে।” সিন্ধুপ্ৰদেশৰ বিক্ষোভকাৰী নেতা তথা জে সিন্ধ মুত্তাহিদা মাহাজেৰ অধ্যক্ষ শ্বাফি মুহম্মদ বুৰফাতে কয়।

Related News