DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পূৰ্ব পৰিকল্পিত আছিল লখিমপুৰ খেৰীৰ কৃষক হত্যাকাণ্ড; বিশেষ তদন্ত কমিটিৰ প্ৰতিবেদনত প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2021 3:21 pm
Lakhimpur Kheri violence
186
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকৰ হত্যা এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল। হত্যাকাণ্ডৰ তদন্ত কৰি থকা বিশেষ তদন্ত কমিটিয়ে এই কথা সদৰী কৰিছে।

উল্লেখ্য যে উক্ত গোচৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ মুখ্য অভিযুক্ত আৰু বৰ্তমান আশীষ মিশ্ৰ কাৰাগাৰত আছে।

গোচৰটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে এজন ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰি আশীষ মিশ্ৰাৰ বিৰুদ্ধে উত্থাপিত আৰোপবোৰ সংশোধন কৰিবলৈ আহ্বান জনাইছে।

আশীষ মিশ্ৰ আৰু তেওঁৰ সহযোগী সকল ইতিমধ্যে হত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগৰ সন্মুখীন হৈছে। বিশেষ অনুসন্ধান দলে হত্যাৰ চেষ্টাৰ লগতে অন্যান্য অভিযোগ এতিয়া যোগ দিব বিচাৰে।

শাসকীয় বিজেপিয়ে উত্তৰ প্ৰদেশত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে তদন্ত কমিটিৰ এই তথ্যই কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ বাবে বৃহৎ সমস্যাৰ সংকেত দিছে। ইতিমধ্যে বিৰোধীয়ে অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।

স্মৰ্তব্য যে যোৱা ৩ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰীৰ কৃষক হত্যাকাণ্ডই কৃষকসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ ফলত চাৰিজন কৃষকৰ মৃত্যু হৈছিল। তদুপৰি কনভয়ৰ পৰা কৃষক সকলক লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে তদন্তত গুলীচালনাৰ অভিযোগ সত্য প্ৰমাণিত হৈছে।

উচ্চতম ন্যায়ালয়ে গোচৰটোৰ ওপৰত এখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰক কেইবাবাৰো ভৎসৰ্না কৰিছিল। উত্তৰ প্ৰদেশ চৰকাৰে অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা বুলি সমালোচনা কৰিছিল উচ্চতম ন্যায়ালয়ে।

যোৱা মাহত উচ্চতম ন্যায়ালয়ে বিশেষ অনুসন্ধানকাৰী দলক তদন্ত দ্ৰুততাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল।

Recent News

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd