গোলকীয় উষ্ণতাৰ ভাবুকি : বৰপেটাত সেনা বাহিনীৰ উদ্যোগত বীজ ৰোপণ কাৰ্যসূচী

20180907_132056

দেশৰ অখণ্ডতা ৰক্ষাৰ কামত জড়িত ভাৰতীয় সেনা বাহিনীয়ে বিভিন্ন সময়ত সামাজিক কাম কৰি আহিছে৷ ঠিক সেইদৰে ক্ৰমাৎ বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ লগতে নৱ প্ৰজন্মক গছপুলি ৰোপণৰ  কামত উৎসাহ দিয়াৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে বৰপেটা চহৰত আজি ৰূপায়ণ কৰে বীজ ৰোপণ কাৰ্যসূচী ৷

বৰপেটা চহৰৰ গণককুছিত থকা সেনা বাহিনীৰ ১৫ নং জাট ৰেজিমেন্টৰ উদ্যোগত গণককুছিস্থিত আদৰ্শ বিদ্যালয়ত  ৰূপায়ণ কৰা বীজ ৰোপণ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে বীজ ৰোপণ কৰা হয়৷ সেনা বাহিনীৰ জোৱান সকলে পূৰ্বেই চহাই থোৱা বিদ্যালয়খনৰ মাটিত তিনি প্ৰজাতিৰ উদ্ভিদৰ বীজ ৰোপণ কৰে৷

বীজ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ১৫ নং জাট ৰেজিমেন্টৰ জ্যেষ্ঠ কমিশ্যন বিষয়া চুবেদাৰ বিষ্ণুৱে কয় যে, গোলকীয় উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ এই উষ্ণতা হ্ৰাস কৰাৰ বাবে সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে৷

গছৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে  নতুন প্ৰজন্মক উৎসাহী কৰাৰ বাবে আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে উদ্ভিদৰ বীজ ৰোপণ কৰা হয় বুলি সেনা বাহিনীৰ বিষয়া গৰাকীয়ে জনায়৷

ইফালে বীজ ৰোপণ কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয়খনৰ অধ্যক্ষ আবু চাহেদে সেনা বাহিনীৰ ১৫ নং জাট ৰেজিমেন্টৰ পদক্ষেপক যথেষ্ট শলাগ লয়৷