NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ চিকিৎসাত ভবিষ্যতে ব্যৱহাৰ নহ’ব পাৰে প্লাজমা থেৰাপি; আই চি এম আৰৰ ইংগিত

October 20, 2020 10:37 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ চিকিৎসাত আৰু ভবিষ্যতে প্লাজমা থেৰাপি ব্যৱহাৰ নহ’ব পাৰে।

ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ পৰা প্লাজমা থেৰাপিক আঁতৰোৱা হ’ব পাৰে বুলি মঙলবাৰে ভাৰতীয় চিকিৎসা গৱেষণা কাউন্সিলৰ সঞ্চালক বলৰাম ভাৰ্গৱে ইংগিত দিয়ে।

কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত গঠন হোৱা ৰাষ্ট্ৰীয় টাস্ক ফোৰ্ছ স্তৰৰ এখন বৈঠকত এই সম্পৰ্কে আলোচনা কৰা হয় বুলি আই চি এম আৰৰ সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বেও আই চি এম আৰে প্লাজমা থেৰাপিয়ে কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰিছিল।

উল্লেখযোগ্য যে, অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ ক’ৰ’না সংক্ৰমিত ব্যক্তিক প্লাজমা থেৰাপিৰে চিকিৎসা প্ৰদান কৰা হৈ আহিছে।

পূৰ্বে ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকৰ শৰীৰৰ পৰা এই প্লাজমা সংগ্ৰহ কৰি চিকিৎসাত ব্যৱহাৰ কৰা হয়।

Related News