NORTHEAST NOW (Assamese)

নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম দিৱস আয়োজন হোজাইৰ প্লে’ বয় স্প’ৰ্টছ ক্লাবৰ

January 23, 2019 3:38 pm · নিখিল মুন্দ্ৰা

প্ৰতি বছৰৰ দৰে এইবাৰো প্লে’ বয় স্প’ৰ্টছ ক্লাবে আয়োজন কৰিছে নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম দিৱস।  ভাৰতৰ এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ এইটো ১২৩ সংখ্যক জন্ম বাৰ্ষিকী। এই উপলক্ষে ক্লাবৰ সভাপতি প্ৰমোদ ৰঞ্জন দাসৰ নেতৃত্বত এখন ৰাজহুৱা সভাৰ আহ্বান কৰা হয়।

নেতাজী গৰাকীৰ জন্ম দিৱসৰ অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেব, অল ইণ্ডিয়া হকী এছোচিয়েশ্যনৰ ধন ভঁৰালী আৰু আছাম হকী এছোচিয়েশ্যনৰ সম্পাদক তপন কুমাৰ দাস, হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কীটেশ্বৰ বনিয়া আদি উপস্থিত থাকে।

আৰম্ভণিতে নেতাজীৰ মূৰ্তিত পূষ্পাঞ্জলি প্ৰদান কৰা হয়। তাৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰঞ্জন বৰাই। সমীৰ সৰকাৰে উত্তোলন কৰে আজাদ হিন্দ ফৌজৰ পতাকা। তাৰ পাছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় আৰু তাৰ পাছত চহিদ বেদীত পুষ্পাঞ্জলি প্ৰদান কৰা হয়।

নিজৰ ভাষণত হোজাইৰ বিধায়ক শিলাদিত্য দেবে কৈছে, ‘‘নেতাজী কোনো ধৰ্মাৱলম্বী লোকৰ নেতা নাছিল। তেওঁ এটা জাতিৰ নেতা আছিল। জাতিৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আমি সদায় তেওঁৰ আদৰ্শ অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিৎ।’’
‘‘নেতাজীৰ চেষ্টাতেই অসম ভাৰতৰ অংশ হৈছিল। তেওঁ এগৰাকী ধৰ্ম নিৰপেক্ষ নেতা আছিল। সকলো সম্প্ৰদায়ৰ সৈতে তেওঁ একেলগে কাম কৰি গৈছিল বাবে সকলো সম্প্ৰদায়ৰ লোকে তেওঁক সমানেই শ্ৰদ্ধা কৰে।’’ বুলি শিলাদিত্য দেবে লগতে মন্তব্য কৰে।

তেওঁ আৰু কয়, ”তাজীৰ সপোন আছি২ল ভাৰতক একত্ৰিত আৰু শক্তিশালী কৰা। ভাৰতৰ স্বাধীনতা লাভৰ সময়ত নেতাজী জীৱিত থকা হ’লে ভাৰত বিভাজিত নহ’লহেঁতেন।” সভাত উপস্থিত থকা আন আন ব্যক্তিসকলেও নিজৰ নি্জৰ বক্তব্য ৰাখে।

প্লে’ বয় স্প’ৰ্টছ ক্লাবৰ সভাপতি প্ৰমোদ ৰঞ্জন দাসে নিজৰ ভাষণত কয়, ‘‘১৯৮৫ চনৰ পৰাই ক্লাবটোৱে নেতাজীৰ জন্ম দিৱস উদযাপন কৰি আহিছে।’’ তেওঁ নেতাজীৰ জন্মদিনটো সমগ্ৰ ভাৰততে দেশপ্ৰেম দিৱস হিচাপে উদযাপন কৰাৰ বাবে সকলোকে আহ্বান জনায়।

Related News