DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে গৰুৰ ৰাজনীতিৰ আশ্ৰয় প্ৰধানমন্ত্ৰী মোদীৰ, বিৰোধীৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 4:44 pm
Narendra Modi
157
VIEWS
Share on FacebookShare on Twitter

মানুহ নহয়, বিজেপিৰ চিন্তা গৰুক লৈহে! উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে। তাৰ লগে লগে সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্প চটিয়াবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।

উত্তৰপ্ৰদেশৰ দলিত অথবা নাৰী সুৰক্ষাৰ কথা নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শেহতীয়াকৈ শুনা গ’ল গৰুৰ সুৰক্ষাৰ কথাহে। গৰুৰ সহায় লৈ নিৰ্বাচন খেলিবলৈ উলাইছে বিজেপিয়ে।

বৃহস্পতিবাৰে বিৰোধী পক্ষক আক্ৰমণ কৰি মোদীয়ে কয় যে কিছু লোকে গৰুৰ সুৰক্ষাৰ কথা কোৱাটো পাপ বুলি বিবেচনা কৰে, গৰুৰ কথা কোৱাটো অপৰাধ বুলি গণ্য কৰিবলৈ লৈছে, কিন্তু মোদীৰ বাবে গৰু হৈছে গোমাতা। অৰ্থাৎ গৰু তেওঁৰ মাতৃ!

মোদীয়ে নিজা সমষ্টি বাৰানসীত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিবলৈ গৈ এই বক্তব্য প্ৰদান কৰিছে। মোদীয়ে কয় যে ভাৰতৰ দুগ্ধ উৎপাদন শক্তিশালী কৰাটো তেওঁলোকৰ চৰকাৰৰ অন্যতম লক্ষ্য। এইক্ষেত্ৰত চৰকাৰে সফল হোৱা বুলিও তেওঁ দাবী কৰে।

গোসুৰক্ষাক লৈ মোদীৰ এই বক্তব্যক ব্যংগাত্মকভাৱে আক্ৰমণ কৰিছে বিহাৰৰ বিৰোধী দল আৰজেদিয়ে। টুইটাৰত দলটোৱে কেৰেলা, গোৱা, ছিক্কিম আৰু মণিপুৰত মোদীক এনেধৰণৰ বক্তব্য আগবঢ়াবলৈ প্ৰত্যাহ্বান জনাইছে। তদুপৰি গোৱাৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত গোমাংসৰ কথা থাকিব নেকি বুলিও দলটোৱে তীক্ষ্ণ বিদ্ৰপু কৰে।

আৰজেডিৰ এই বিদ্ৰুপটো লক্ষ্যণীয় হৈ পৰিছে। সঁচাকৈয়ে বাৰানসীত যিদৰে গোমাতাৰ কথা মোদীয়ে কৈছে, সেইয়া গোমাংসৰ চাহিদা থকা কেৰেলা, গোৱা অথবা উত্তৰপূবত মোদীয়ে ক’ব পাৰিবনে? কিছুদিন পূৰ্বে কেৰালাৰ এগৰাকী বিজেপি নেতাই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছিল যে যদিহে বিজেপিক জয়যুক্ত কৰে, তেন্তে ভোটাৰসকলক উৎকৃষ্ট পৰিমাণৰ গোমাংস উপহাৰ দিয়া হ’ব।

তেনেস্থলত ক’ত গ’ল বিজেপিৰ গোমাতাৰ প্ৰতি থকা প্ৰেম? মোদীৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কেৱল উত্তৰপ্ৰদেশৰ গৰুহে তেওঁলোকৰ বাবে গোমাতা, বাকীবোৰ ৰাজ্যৰ গৰুসমূহ এই সন্মানৰ পৰা বঞ্চিত!

আনহাতে, যোগী চৰকাৰৰ বিগত কাৰ্যকালত উত্তৰপ্ৰদেশত গৰুৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বিজেপিয়ে যিমানেই গোসুৰক্ষাৰ কথা কৈছে, সিমানেই ৰাজ্যখনত গৰুৰ দুৰ্দশাৰ প্ৰতিচ্ছৱি ফুটি উঠিছে। এই প্ৰসংগত বিৰোধী নেতাদ্বয় অখিলেশ যাদৱ আৰু প্ৰিয়ংকা গান্ধীয়ে ইতিপূৰ্বে কেইবাটাও টুইট কৰিছে।

ৰাজ্যখনত গৰুৰ দুৰৱস্থাক লৈ কেইবাটাও বাতৰি আৰু ফটোও নেতা দুজনে টুইটাৰত শ্বেয়াৰ কৰিছে। এইসমূহত ৰাজ্যখনত গৰুৰ সুৰক্ষাক লৈ প্ৰশ্ন কৰা হৈছে। কিন্তু প্ৰশ্নসমূহৰ কোনো উত্তৰ নিদি কেৱল গৰুৰ সুৰক্ষাৰ কথা কৈয়ে বিজেপিয়ে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ উলাইছে।

তদুপৰি দেশত দলিত আৰু মুছলিমসকলৰ ওপৰত গৰু সুৰক্ষাৰ নামত হোৱা ম’ব লিঞ্চিঙকো মোদীয়ে এই বক্তব্যৰ দ্বাৰা নায্যতা প্ৰদান কৰিলে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd