NORTHEAST NOW (Assamese)

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী

January 22, 2021 1:46 pm · এন ই নাও নিউজ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ মাটিত চাৰিখন মেচৰ ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাটো ২-১ ত জয়ী হোৱাৰ পিছত দেশবাসী ভাৰতীয় ক্ৰিকেট দলক লৈ গৌৰৱান্বিত হৈ পৰিছে।

বিশ্বৰ সকলো প্ৰান্তৰ পৰাই অজিংক ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলটোক প্ৰশংসাৰে উপচাই পেলাইছে।

ঐতিহাসিক বিজয়ৰ পিছত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতীয় দলক খুব প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

তেওঁ কয় যে অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলৰ সন্মুখত কি প্ৰত্যাহ্বান অহা নাছিল। আমাৰ ইমান শোচনীয় পৰাজয় হৈছিল, কিন্তু আমি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰি পৰৱৰ্তী খেলখন জিকিছিলো।

মোদীয়ে লগতে কয় যে অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাত হোৱা স্বত্বেও, আমাৰ খেলুৱৈসকলে মেচ বচাবলৈ খেলপথাৰত দৃঢ়তাৰে থিয় হৈ আছিল। আমাৰ যুৱ খেলুৱৈসকলে হতাশ হোৱাৰ পৰিৱৰ্তে প্ৰত্যাহ্বানৰহে সন্মুখীন হৈছিল।

ব্ৰীছবেনত খেলা টেষ্ট শৃংখলাৰ অন্তিমখন মেচত ভাৰতীয় দলে অষ্ট্ৰেলিয়াক তিনি উইকেটত পৰাস্ত কৰি ২-১ত শৃংখলা দখল কৰে।

উল্লেখ্য যে আজি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তন সমাৰোহত ১২০০ ছাত্ৰ-ছাত্ৰীক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰি ভাৰতীয় ক্ৰিকেট দলটোৰ ঐতিহাসিক বিজয় সন্দৰ্ভত এই মন্তব্য কৰে।

Related News