পি এম কিচান: লখিমপুৰত ৭৬ হাজাৰ টকা ওভতালে ভুৱা কৃষকে

PM-Kisan: 8401 bogus beneficiaries identified in Lakhimpur

প্ৰতীকী ছবি।

অসমত পি এম কিচান আঁচনিত সংঘটিত কেলেংকাৰীৰ তদন্ত ঘোষণাৰ মাজতে লখিমপুৰ জিলাত ভুৱা কৃষকে এইপৰ্য্যন্ত ঘূৰাই দিছে ৭৬,০০০ টকা।

এই ভুৱা হিতাধিকাৰীখিনিয়ে বেংকযোগে ধনখিনি ওভতাই দিছে।

ইফালে কৃষি বিভাগে তদন্ত কৰি জিলাখনত মুঠ ৮৪০১গৰাকী ভুৱা পি এম কিচান হিতাধিকাৰী চিনাক্ত কৰিছে।

এই ভুৱা হিতাধিকাৰীসকলৰ মাজত চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ আৰু কৃষিৰ লগত জৰিত নোহোৱা আৰ্থিকভাৱে স্বচ্ছল ব্যক্তিও আছে।

জিলাখনৰ কৃষি বিভাগে ৬৬,৭২৬ গৰাকী আৱেদনকাৰীৰ ভিতৰত ৫৮,৩২৫ গৰাকী হিতাধিকাৰী এই পৰ্য্যন্ত বাচি উলিয়াইছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ৰাজ্যত পি এম কিচান আঁচনিত সংঘটিত কেলেংকাৰীৰ বিষয়টো তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক নিৰ্দেশ দিছে।

এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

২০১৮ চনৰ ডিচেম্বৰত আৰম্ভ কৰা পি এম কিচান (Pradhan Mantri Kisan Sanman Nidhi) আঁচনিৰ সম্পূৰ্ণ পুঁজি ভাৰত চৰকাৰৰ।

এই আঁচনিৰ জৰিয়তে কৃষকসকলক বছৰি তিনিটা কিস্তিত চাৰি মাহৰ মূৰে মূৰে দুহাজাৰকৈ মুঠ ছহাজাৰ টকাকৈ আদায় দিয়া হয়।

হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এই ধন পোনপটীয়াকৈ জমা হয়।

এই আঁচনিৰ বাবে হিতাধিকাৰী বাচনিৰ কাম ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কৰে।