NORTHEAST NOW (Assamese)

দেশমাতৃক ৰক্ষাৰ বাবে নিয়োজিত সেনা জোৱান সকলৰ বাবে এগচি বন্তি জ্বলাওক; দীপাৱলিৰ প্ৰাকক্ষণত প্ৰধান মন্ত্ৰীৰ আহ্বান

November 14, 2020 8:40 am · এন ই নাও নিউজ
Updated: November 14, 2020 9:28 am

দীপাৱলিৰ প্ৰাকক্ষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ দীপাৱলি ৰাষ্ট্ৰৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সেনা জোৱান সকলৰ নামত উৎসৰ্গিত কৰাৰ বাবে আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবৰ্ষৰ দীপাৱলিত সকলোকে এগচি চাকি দেশ ৰক্ষাৰ বাবে সাহসেৰে যুঁজ দিয়া সেনা জোৱান সকলৰ নামত জ্বলোৱাৰ বাবে আহ্বান জনায়।

‘‘আমাৰ জোৱান সকলে মাতৃভূমিক ৰক্ষাৰ বাবে কৰি অহা ত্যাগক শব্দৰে ন্যায় দিব নোৱাৰি আমি তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও দায়বদ্ধ হ’ব লাগিব,’’ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়।

উল্লেখযোগ্য যে, চলিত বৰ্ষত লাডাখৰ গলৱান সীমান্তত চীনা সেনাৰ সৈতে হোৱা সংঘৰ্ষত ভালেকেইগৰাকী বীৰ সেনা জোৱান শ্বহীদ হৈছিল।

ভাৰত-পাকিস্তান সীমান্তত সন্ত্ৰাসবাদীৰ অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে যুঁজ দিও ভালেসংখ্যক ভাৰতীয় সেনা জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

Related News