• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামিলনাডুত পাম্বান দলং উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; অনুষ্ঠান বৰ্জন মুখ্যমন্ত্ৰী ষ্টেলিনৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 9:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰথমখন ‘ভাৰ্টিকেল-লিফ্ট’ দলং। জাহাজৰ বাবে পথ সৃষ্টি কৰিবলৈ ই উলম্বভাৱে খুলি যাব। ৰাম নৱমীৰ দিনা দেওবাৰে তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে পাম্বান দলং।

ৰামনাথপুৰম জিলাত অৱস্থিত এই দলঙে ৰামেশ্বৰম দ্বীপক দেশৰ মূল ভূখণ্ড মণ্ডপমৰ সৈতে সংযোগ কৰিছে। ইয়াৰ ওপৰেৰে যেনেকৈ ৰে’ল চলিব, জাহাজবোৰো সহজে তলেৰে পাৰ হ’ব।

অৱশ্যে দেওবাৰৰ এই অনুষ্ঠানত দেখা পোৱা নগ’ল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক। স্বচ্ছভাৱে আসন পুনৰ আবণ্টনৰ (Delimitation) দাবীত তেওঁ দলং উদ্বোধনী অনুষ্ঠান বৰ্জন কৰে।

তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তত দেওবাৰে তামিলনাডুত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। পিছত দলংখন উদ্বোধনৰ লগতে তেওঁ উপকূল ৰক্ষীৰ জাহাজ আৰু ৰামেশ্বৰম-তাম্বৰম ৰে’লখনো উদ্বোধন কৰে। জানিব পৰা মতে, ৰামেশ্বৰৰ ৰামানাথস্বামী মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত ৰাজ্যত মুঠ প্ৰায় ৮৩০০ কোটি টকাৰ ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

১৯১৪ চনত ব্ৰিটিছ অভিযন্তাই নিৰ্মাণ কৰিছিল পাম্বান দলং। কিন্তু বৰ্তমান পুৰণি দলংখন অসাৰ হৈ পৰিছে। আৰু এই ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন সেই স্থানত ৭০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে।

ইয়াৰ মাজভাগত জাহাজ চলোৱা পথ মুকলি কৰি ৰাখিবলৈ ৭২.৫ মিটাৰ দীঘল উলম্ব অংশ এটা নিৰ্মাণ কৰা হৈছে। যি জলপৃষ্ঠৰ পৰা ১৭ মিটাৰ ওপৰলৈ উঠিব আৰু তলেৰে জাহাজ পাৰ হ’বলৈ ঠাই উলিয়াই দিব। দলংখনৰ দুটা ৰে’লপথো আছে। যাৰ ওপৰেৰে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত চলিব ৰে’ল। ইয়াক বিশেষ প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছে যি অতি আৰ্দ্ৰ বতৰতো দীৰ্ঘদিন ধৰি অক্ষত আৰু শক্তিশালী হৈ থাকিব।

আসন পুনৰ আবণ্টনৰ দাবীত দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে দলং উদ্বোধনী অনুষ্ঠান বৰ্জন কৰে। তেওঁ কয়, “তামিলনাডুৰ মাটিত থিয় হৈ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাৰে আসন পুনৰ আবণ্টনৰ নিশ্চয়তা দিব লাগিব। প্ৰয়োজন হ’লে সংসদত প্ৰস্তাৱ গৃহীত কৰি ব্যৱস্থা ল’ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ আশংকা দূৰ কৰিবলৈ ৰাজহুৱা প্ৰতিশ্ৰুতি দিব লাগিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd