• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্ত পৰিল জল্পনা-কল্পনাৰ! বাংলাদেশৰ ক্ষমতা সলনিৰ পিছত প্ৰথমবাৰৰ বাবে মোডীক সাক্ষাৎ কৰিলে ইউনুছে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 4, 2025 1:01 pm
402
VIEWS
Share on FacebookShare on Twitter

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সাক্ষাৎ কৰে।

বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে সম্প্ৰতি বেংককত আছে দুয়োখন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বী। সন্মিলনত দুয়োজনে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰাও দেখা গৈছিল। শুকুৰবাৰে পুৱা দুয়োৰে মাজত বৈঠক হোৱা দেখা গৈছে। মোডী আৰু ইউনুছে হাঁহিমুখে হাত মিলাই থকা দেখা গৈছে।

উল্লেখ্য যে শেহতীয়াকৈ সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিষয়টোক লৈ বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে। সেই পৰিস্থিতিত মোডী আৰু ইউনুছৰ বৈঠকক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলে।

বৃহস্পতিবাৰে থাইলেণ্ডত অনুষ্ঠিত বিমষ্টেক সন্মিলনত ভাষণ প্ৰদান কৰি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মহম্মদ ইউনুছক সুচতুৰতাৰে বংগোপসাগৰৰ ভূগোল বুজাই দিয়ে। তেওঁ ইউনুছৰ “এই অঞ্চলৰ একমাত্ৰ সাগৰৰ অভিভাৱক বাংলাদেশ” মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল।

২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰা হয়। ইয়াৰ পিছত ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ আহে। সেই সময়ৰ পৰাই শ্বেখ হাছিনা ভাৰতত আছে।

বাংলাদেশ আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমান্বয়ে অৱনতি ঘটিছে। সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে অবাধ হিংসা আৰু বাংলাদেশত ইছলামিক মৌলবাদী শক্তিৰ উত্থানক লৈ নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে। আনহাতে বাংলাদেশেও হাছিনা ভাৰতত থকাক লৈ আপত্তি কৰিছে।

ইউনুছৰ চীন ভ্ৰমণৰ পিছত যোৱা সপ্তাহত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। চীন ভ্ৰমণৰ সময়ত ইউনুছে বেইজিঙক বাংলাদেশত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। সেই সময়ত তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল যে ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্য স্থলভাগেৰে আবদ্ধ। সাগৰত উপস্থিত হ’বলৈ তেওঁলোক বাংলাদেশৰ ওপৰত নিৰ্ভৰশীল।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd