সংসদত মোদীৰ মুখত মনমোহনৰ জয়গান! স্তম্ভিত বিৰোধী, হঠাতে এয়া নতুন কথা?

সংসদত থিয় হৈ কংগ্ৰেছক সমালোচনাৰে তীব্ৰ আক্ৰমণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। তাত নতুন কি আছে? কিন্তু যেতিয়া তেওঁৰ মুখৰ পৰা কোনো জ্যেষ্ঠ কংগ্ৰেছ নেতা বা ইউ পি এ যুগৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা শুনা যায়, তেতিয়া সেয়া অৱশ্যেই নতুন কথা। বৃহস্পতিবাৰে সংসদত দিয়া ভাষণত মোদীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক ভূয়সী প্ৰশংসা কৰে।

লোকসভাৰ নিৰ্বাচন আগবাঢ়ি আহিছে। তাৰ আগতে সংসদৰ অন্তিম অধিৱেশন চলি আছে। বুধবাৰে লোকসভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ ভাষণ কংগ্ৰেছৰ বাবে মাত্ৰ তিৰস্কাৰ, আক্ৰমণ আছিল। অৱশ্যে বৃহস্পতিবাৰে ৰাজ্যসভাত দেখা গ’ল এক বেলেগ দৃশ্য। ৰাজ্যসভাৰ কাৰ্যকাল শেষ হোৱাৰ পৰিপ্ৰেক্ষিতত দিয়া বিদায়ী ভাষণত এইদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে মোডীয়ে। 

সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে হঠাতে মনমোহন সিঙক প্ৰশংসাৰে উপচাই দিলে। মোদীয়ে কয়, “আজি মই ড° মনমোহন সিঙৰ কথা ক’ব বিচাৰিছো। তেওঁ দেশক বহুত দিলে। তেওঁ সংসদ আৰু দেশক যিদৰে পথ প্ৰদৰ্শন কৰিছে, তাৰ বাবে তেওঁক চিৰদিন স্মৰণ কৰা উচিত।”

২০২৩ চনৰ ৭ আগষ্টত পুৰণি সংসদ ভৱনত দিল্লী সেৱা বিধেয়কৰ ওপৰত ভোটদান কৰা হয়। সেই সময়ত ড° মনমোহন সিং অসুস্থ আছিল। কিন্তু তথাপি তেওঁক সংসদত দেখা গৈছিল, যদিও তেওঁ হুইল চেয়াৰত বহি আহিছিল।

বৃহস্পতিবাৰে সেই কাণ্ডৰ কথা মনত পেলাই মোদীয়ে সকলো সাংসদক সম্বোধন কৰি কয় যে, “চৰকাৰে জানিছিল যে ই জয়ী হ’ব। অসুস্থ হৈও সেইদিনা ড° মনমোহন সিং হুইল চেয়াৰত উঠি ভোট দিবলৈ আহিছিল। এজন সাংসদ কিমান দায়বদ্ধ হ’ব লাগে এই ঘটনা তাৰেই উদাহৰণ।‘’

বুধবাৰে নিৰ্বাচনৰ পূৰ্বে লোকসভাত শেষ ভাষণ প্ৰদান কৰে নৰেন্দ্ৰ মোদীয়ে। ভাষণৰ আৰম্ভণিৰে পৰাই প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক লক্ষ্য কৰি লৈছিল। পৰিয়ালতন্ত্ৰ, ঔপনিৱেশিক মনোভাৱৰ বাবে পূৰ্বৰ ৰাষ্ট্ৰী দলটোক সমালোচনা কৰিছিল। অৱশ্যে বৃহস্পতিবাৰে তেওঁৰ ভাষণত সৌজন্যতাৰ উন্মেষ ঘটিছিল। অৱশ্যে এনে নহয় যে তেওঁ বিৰোধীক এবাৰো কটাক্ষ নকৰিলে। প্ৰধানমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে  ফেশ্বন শ্ব’ কৰিবলৈ বিৰোধীয়ে ক’লা কাপোৰ পিন্ধি সংসদলৈ আহে।