• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘হঠাতে খবৰ আহিল যে…’, গোধৰা ৰে’ল কাণ্ডৰ বিষয়ে মুখ খুলিলে মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2025 9:11 am
212
VIEWS
Share on FacebookShare on Twitter

দুটা দশকৰো অধিক সময় পাৰ হৈ গ’ল। গুজৰাটৰ গোধৰাত জ্বলন্ত ৰে’ল আৰু শ শ মৃতদেহৰ ছবি এতিয়াও ভাৰতীয়ৰ মনৰ পৰা ম্লান হোৱা নাই। ইমান দিনৰ মূৰত নৰেন্দ্ৰ মোদীয়ে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কেনেকৈ ইমানবোৰ মানুহৰ মৃত্যুৰ বেদনা চেপি ৰাখি মন দৃঢ় কৰি আৰু কঠোৰ হাতেৰে পৰিস্থিতি চম্ভালিছিল সেই কথা তেওঁ এটা প’ডকাষ্ট চেনেলত প্ৰকাশ কৰিছে।

তেওঁ কয়, “মই নিজকে যিমান পাৰো চম্ভালিছো। আৱেগৰ উৰ্দ্ধত গৈ পৰিস্থিতি চম্ভালিছো। কল্পনা কৰকচোন, চাৰিওফালে মৃতদেহৰ পাহাৰ…. “মই তাৰ মাজত থিয় হৈ আছো।”

এতিয়াৰ প্ৰধানমন্ত্ৰীয়ে নিখিল কামাথ নামৰ এজন সাংবাদিকৰ প’ডকাষ্ট চেনেলত সাক্ষাৎকাৰ দি ২০০২ চনৰ ভয়াবহ অভিজ্ঞতাৰ কথা ক’লে। সেই বছৰৰ ফেব্ৰুৱাৰী মাহত যেতিয়া গোধৰাত এই ঘটনা সংঘটিত হৈছিল, তেতিয়া মাত্ৰ তিনিদিন পূৰ্বে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল। এনে এখন ছবি দেখি তেওঁ কাৰ্যতঃ দিশহাৰা হৈ পৰিছিল।

সেই অভিজ্ঞতা জনাবলৈ গৈ মোদীয়ে কয়, “সেইদিনা মই বিধানসভাত আছিলো। হঠাৎ গোধৰাত ৰে’লৰ অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহিল। সেই কথা শুনি মই কঁপি উঠিলোঁ। অত্যন্ত শংকা মনলৈ আহে। মই বিধানসভাৰ পৰা ওলাই আহিলোঁ। বদোদৰাৰ পৰা গোধৰালৈ যাব খোজো। সেই সময়ত হেলিকপ্টাৰ নাছিল। মই কওঁ কোনো কপ্টাৰৰ প্ৰয়োজন নাই। সাধাৰণ মানুহে যিদৰে গৈছে সেইদৰেই যাম। ইয়াৰ পিছতো অ’এনজিচিয়ে একক ইঞ্জিনৰ এখন কপ্টাৰৰ ব্যৱস্থা কৰিলে। তাতেই মই গ’লো।”

তাৰ পিছতে সেই শিহৰণকাৰী দৃশ্য। মোডীৰ ভাষাত, “মই গৈ দেখিলোঁ যে কেৱল মানুহৰ মৃতদেহ সিঁচৰতি হৈ আছে, জ্বলি গৈছে। মোৰ হৃদয় ভাঙি গ’ল। নিজকে কেনেকৈ চম্ভালিলোঁ… মইও মানুহ। তেতিয়া ভাৱ হ’ল এই সকলোবোৰৰ উৰ্দ্ধত উঠি পৰিস্থিতি অনুযায়ী সকলো ব্যৱস্থা কৰিব লাগিব। মই বুকুৰ সকলো যন্ত্ৰণা ধৰি ৰাখি সেই কামটো কৰো। এই কাণ্ডটো চম্ভালি লোৱাটোৱেই আছিল মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। মই সেই সময়ত পৰিস্থিতিটো যিমান পাৰো চম্ভালিছিলো।” কোৱা বাহুল্য যে শুকুৰবাৰৰ সাক্ষাৎকাৰটোত তেওঁৰ আৱেগৰ প্ৰতিফলন ঘটিছিল।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd