NORTHEAST NOW (Assamese)

‘হঠাতে খবৰ আহিল যে…’, গোধৰা ৰে’ল কাণ্ডৰ বিষয়ে মুখ খুলিলে মোদীয়ে

January 11, 2025 9:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 11, 2025 9:12 am

দুটা দশকৰো অধিক সময় পাৰ হৈ গ’ল। গুজৰাটৰ গোধৰাত জ্বলন্ত ৰে’ল আৰু শ শ মৃতদেহৰ ছবি এতিয়াও ভাৰতীয়ৰ মনৰ পৰা ম্লান হোৱা নাই। ইমান দিনৰ মূৰত নৰেন্দ্ৰ মোদীয়ে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কেনেকৈ ইমানবোৰ মানুহৰ মৃত্যুৰ বেদনা চেপি ৰাখি মন দৃঢ় কৰি আৰু কঠোৰ হাতেৰে পৰিস্থিতি চম্ভালিছিল সেই কথা তেওঁ এটা প’ডকাষ্ট চেনেলত প্ৰকাশ কৰিছে।

তেওঁ কয়, “মই নিজকে যিমান পাৰো চম্ভালিছো। আৱেগৰ উৰ্দ্ধত গৈ পৰিস্থিতি চম্ভালিছো। কল্পনা কৰকচোন, চাৰিওফালে মৃতদেহৰ পাহাৰ…. “মই তাৰ মাজত থিয় হৈ আছো।”

এতিয়াৰ প্ৰধানমন্ত্ৰীয়ে নিখিল কামাথ নামৰ এজন সাংবাদিকৰ প’ডকাষ্ট চেনেলত সাক্ষাৎকাৰ দি ২০০২ চনৰ ভয়াবহ অভিজ্ঞতাৰ কথা ক’লে। সেই বছৰৰ ফেব্ৰুৱাৰী মাহত যেতিয়া গোধৰাত এই ঘটনা সংঘটিত হৈছিল, তেতিয়া মাত্ৰ তিনিদিন পূৰ্বে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল। এনে এখন ছবি দেখি তেওঁ কাৰ্যতঃ দিশহাৰা হৈ পৰিছিল।

সেই অভিজ্ঞতা জনাবলৈ গৈ মোদীয়ে কয়, “সেইদিনা মই বিধানসভাত আছিলো। হঠাৎ গোধৰাত ৰে’লৰ অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহিল। সেই কথা শুনি মই কঁপি উঠিলোঁ। অত্যন্ত শংকা মনলৈ আহে। মই বিধানসভাৰ পৰা ওলাই আহিলোঁ। বদোদৰাৰ পৰা গোধৰালৈ যাব খোজো। সেই সময়ত হেলিকপ্টাৰ নাছিল। মই কওঁ কোনো কপ্টাৰৰ প্ৰয়োজন নাই। সাধাৰণ মানুহে যিদৰে গৈছে সেইদৰেই যাম। ইয়াৰ পিছতো অ’এনজিচিয়ে একক ইঞ্জিনৰ এখন কপ্টাৰৰ ব্যৱস্থা কৰিলে। তাতেই মই গ’লো।”

তাৰ পিছতে সেই শিহৰণকাৰী দৃশ্য। মোডীৰ ভাষাত, “মই গৈ দেখিলোঁ যে কেৱল মানুহৰ মৃতদেহ সিঁচৰতি হৈ আছে, জ্বলি গৈছে। মোৰ হৃদয় ভাঙি গ’ল। নিজকে কেনেকৈ চম্ভালিলোঁ… মইও মানুহ। তেতিয়া ভাৱ হ’ল এই সকলোবোৰৰ উৰ্দ্ধত উঠি পৰিস্থিতি অনুযায়ী সকলো ব্যৱস্থা কৰিব লাগিব। মই বুকুৰ সকলো যন্ত্ৰণা ধৰি ৰাখি সেই কামটো কৰো। এই কাণ্ডটো চম্ভালি লোৱাটোৱেই আছিল মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। মই সেই সময়ত পৰিস্থিতিটো যিমান পাৰো চম্ভালিছিলো।” কোৱা বাহুল্য যে শুকুৰবাৰৰ সাক্ষাৎকাৰটোত তেওঁৰ আৱেগৰ প্ৰতিফলন ঘটিছিল।

Related News