ৰাহুল গান্ধী অসমলৈ এবাৰ আহোঁতে খৰচৰ চিন্তা কৰা মন্ত্ৰী হিমন্তৰ প্ৰধানমন্ত্ৰীৰ ৩ বাৰকৈ অসম ভ্ৰমণক লৈ উত্তৰ হ’ব কি?

মন্ত্ৰী শৰ্মাৰ হিচাপ অনুসৰি মোদীৰ তিনিবাৰকৈ অসম ভ্ৰমণৰ বাবদ হোৱা বিমানৰ খৰচ ১ কোটিৰো অধিক!

Himanta-Modi1

যোৱা ১৪ ফেব্ৰুৱাৰিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসম ভ্ৰমণক কেন্দ্ৰ কৰি হোৱা খৰচক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছিল।

তেওঁ কৈছিল ‘দিল্লীৰ পৰা ফ্লাইটত যোৰহাটলৈ, যোৰহাটৰ পৰা শিৱসাগৰলৈ হেলিকপ্তাৰত আকৌ ঘূৰি যাব, সকলো মিলি ৩৫ লাখতকৈ অধিক ধন খৰচ হৈছে। কিন্তু তাৰ ৰিজাল্টটো হৈছে কেৱল ১৫ হাজাৰ জনসাধাৰণ।‘

কিন্তু এতিয়া প্ৰশ্ন হৈছে, মাটিৰ পট্টা প্ৰদানৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজ, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস বা উদ্বোধনৰ অচিলাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে এমাহত তিনিবাৰকৈ অসমলৈ অহা প্ৰধান মন্ত্ৰীৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ হ’ব কি?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত দেখুওৱা হিচাপ মতেই যদি চোৱা যায় বা অসম ভ্ৰমণৰ সময়ত  ফ্লাইট, হেলিকপ্তাৰত এবাৰ অহা-যোৱা কৰা খৰচ ৩৫ লাখো যদি ধৰা হয় তেন্তে তিনিবাৰকৈ অসম ভ্ৰমণত মোদীৰ বিমান-হেলিকপ্তাৰৰ খৰচ এক কোটি পঞ্চাছ হাজাৰ টকা।

কিন্তু ইয়াক লৈ একেবাৰে চিন্তিত নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীৰ ক্ষেত্ৰত তেওঁ যিদৰে সংবাদ মাধ্যমৰ আগত হিচাপ দাখিল কৰি চিন্তিত হৈছিল কিন্তু মোদীৰ আগমণৰ ক্ষেত্ৰত হোৱা ব্যয়ক লৈ মুঠেও চিন্তিত হোৱা দেখিবলৈ পোৱা নাযায় মন্ত্ৰীগৰাকীক।

ঠিক সেইদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ দুবাৰকৈ অসম ভ্ৰমণৰ ক্ষেত্ৰতো প্ৰায় ১ কোটি টকাই ব্যয় হোৱা বুলি মন্ত্ৰীয়ে দিয়া হিচাপ অনুসৰি ক’ব পৰা যায়।

চৰকাৰী অনুষ্ঠানৰ অচিলাৰে নিৰ্বাচনী প্ৰচাৰ চলাই দাতিকাষৰীয়া জিলাৰ পৰা সাধাৰণ লোকক মোদীৰ জনসভালৈ নিয়া হয় বুলি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অভিযোগ কৰি আহিছে।

ইপিনে, ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ হোৱা খৰচক লৈ চিন্তিত হিমন্ত বিশ্ব শৰ্মাক উভটি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাই এই সন্দৰ্ভত কয়, ‘ৰাহুল গান্ধী অসমলৈ আহোঁতে যদি ধন খৰচ হৈছে তেন্তে সেয়া কংগ্ৰেছ দলৰহে হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা খৰচ হোৱা নাই নহয়। মোদীৰ অসম ভ্ৰমণক লৈ হোৱা খৰচত তেওঁলোকৰ অলপো গাত নালাগে, কিয়নো তেওঁলোকে খৰচ কৰা ধন দলৰ নহয়। তেওঁলোকে খৰচ কৰা ধন চিণ্ডিকেটৰ পৰা অহা। বিজেপিৰ চিণ্ডিকেট কৰিবলৈ এতিয়া বাকী নাই, সেয়েহে তেওঁলোকৰ ধন খৰচ কৰিবলৈ গাত নালাগে। কালি-পৰহিৰ পৰা আকৌ ক’ত ক’ত নতুন চিণ্ডিকেট আৰম্ভ কৰে সেয়া চাব লাগিব।‘