NORTHEAST NOW (Assamese)

আই আই টি গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

September 21, 2020 8:38 pm · ৰূপা সৰকাৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব।

মঙলবাৰে আই আই টি গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠিত হ’ব।

প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে।

প্ৰধান মন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুপৰীয়া ১২ বজাত এই সমাৱৰ্তন সম্বোধন কৰিব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংক, কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় ধ’ত্ৰেয়ো এই অনুষ্ঠানত ভাগ ল’ব।

মুঠ ১৮০৩গৰাকী শিক্ষাৰ্থীয়ে এই সমাৱৰ্তনত ডিগ্ৰী লাভ কৰিব।

এইসকলৰ ভিতৰত বি টেকৰ ৬৮৭ আৰু এম টেকৰ ৬৩৭গৰাকী শিক্ষাৰ্থী আছে।

Related News