৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

PM Modi to lay foundation stone of Ram Temple in Ayodhya on August 5 PM

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব।

দেশৰ সকলো মুখ্য মন্ত্ৰীকো অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰা হ’ব। শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ কোষাধ্যক্ষ স্বামী গোবিন্দ দেৱ গিৰীয়ে সংবাদ মাধ্যমত এই কথা সদৰী কৰিছে।

ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি ন্যাসে অনুষ্ঠানটোত ২০০গৰাকীতকৈ অধিক লোক উপস্থিত নথকাতো নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তাৰে ভিতৰত ১৫০গৰাকী ব্যক্তিয়েই আমন্ত্ৰিত অতিথি হ’ব। অনুষ্ঠানটোলৈ ভাৰতৰ প্ৰাক্তন উপ প্ৰধান মন্ত্ৰী এল কে আদৱানি, মুৰলি মনোহৰ যোশী আৰু উমা ভাৰতীকো আমন্ত্ৰণ কৰা হ’ব।

মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে ভগৱান ৰাম আৰু হনুমানলৈ পূজা আগবঢ়াব।

অযোধ্যাৰ ৰাম জনমভূমি স্থানত ৩ আগষ্টৰ পৰা বৈদিক ধৰ্মানুষ্ঠান আৰম্ভ হ’ব আৰু ৫ আগষ্টত ভূমি পূজনেৰে সেয়া সামৰণি পৰিব।

প্ৰধান মন্ত্ৰীয়ে ভূমি পূজনত অংশ গ্ৰহণ কৰিব। ভগৱান গণেশলৈ বিশেষ পূজাৰে ভূমি পূজন আৰম্ভ হ’ব।

প্ৰধান মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ সময় হিন্দু কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰণ কৰা হৈছে আৰু ৫ আগষ্টৰ আটাইতকৈ পৱিত্ৰ ক্ষণ দুপৰীয়া ১২.১৫ বজাক ইয়াৰ বাবে বাচনি কৰা হৈছে।