• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া ভাষাতে গ্ৰহণ কৰিব পৰা যাব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম: প্ৰধানমন্ত্ৰী মোদী

সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2021 1:05 pm

2 min read

a modi
229
VIEWS
Share on FacebookShare on Twitter

সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ  উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে।

এই বিকাশৰ ধাৰা প্ৰৱাহিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে অসমে।

আজি ঢেকিয়াজুলিৰ ভোচপাৰাত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়।

বিশ্বনাথ আৰু চৰাইদেউত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্তাপন কৰিবলৈ আহি মোদীয়ে এনেদৰে কয়।

মোদীয়ে কয় যে ২০১৬ চনত অসমত মেডিকেল কলেজ আছিল ৬ খন।

বিগত পাঁচ বছৰৰ ভিতৰত ৰাজ্য খনত আৰু নতুনকৈ ৬ খন মেডিকেল কলেজ আৰম্ভ হৈছে।

অসমত এতিয়া প্ৰতি বছৰে ১৬০০ গৰাকী এমবিবিএছ চিকিৎসকৰ সৃষ্টি হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এতিয়া আৰু অসমৰ মানুহে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব নালাগে। অসমতে সকলো উন্নত চিকিৎসাৰ সুবিধা পাব বুলি তেওঁ কয়।

আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অসমৰ ১ লাখতকৈ বেছি লোকে চিকিৎসাৰ সুবিধা পোৱা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডৰ অভিকেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টা চৰকাৰে চলাই গৈছে বুলি মোদীয়ে কয়।

Glad to see immense enthusiasm in Assam. Happy to be getting yet another opportunity to be in the state tomorrow. We will continue working for Assam’s all-round development. pic.twitter.com/b1Ve5iOGwf

— Narendra Modi (@narendramodi) February 6, 2021

ক’ৰ’ণাৰ পৰা দেশে লাভ কৰা শিক্ষাই সকলোকে  ভৱিষ্যতে  সহায় কৰিব বুলি তেওঁ ভাষণত আশা প্ৰকাশ কৰে। মোদীয়ে তেওঁৰ ভাষণত অসমৰ চাহৰো উচ্চ প্ৰশংসা কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে মোদীয়ে কয় যে ৰাজ্যত অসমীয়া ভাষাতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰাকৈ এখন মেডিকেল কলেজ থাকিব।ইয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।

চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে তেওঁৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ভাৰতৰ চাহক বিশ্ব দৰবাৰত বদনাম কৰিব বিচৰাসকলকো মোদীয়ে কঠোৰ ভাবে সকিয়াই দিয়ে।

অসম মালা আচঁনিয়ে অসমৰ ব্যৱসায়ক সম্প্ৰসাৰিত কৰিব  বুলি তেওঁ কয়।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd