আহি আছে ‘যশ’: সংকটৰ জোৰা মাৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ কনফাৰেন্স

mOD

সাগৰীয় ঘূৰ্ণী যশৰ আগমণকলৈ এতিয়া সতৰ্ক হৈ পৰিছে দেশৰ কেইবা খনো ৰাজ্য।

২৬ মে’ত এই সংহাৰী ধুমুহাজাকে পশ্চিমবংগত প্ৰৱেশ কৰিব।

যশ ধুমুহাই সৃষ্টি কৰিব পৰা ক্ষয়-ক্ষতি সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেইবাটাও দপ্তৰৰ মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়া,দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া,টেলিকম, বিদ্যুৎ বিভাগৰ লগতে এনডিআৰএফৰ শীৰ্ষ বিষয়াৰে আজি প্ৰধানমন্ত্ৰী মোদীয় কথা পাতে। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰে।

যশ ধুমুহাৰ সময়ত আক্ৰান্ত অঞ্চলত কিদৰে মানুহক উদ্ধাৰ কৰা হ’ব সেই বিষয়ত প্ৰধানমন্ত্ৰীয়ে বুজ লয়।তেওঁ সংকটৰ সময়ত যাতে কোনো লোক সহায় লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়ত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।

ধুমুহাই ক্ষতিগ্ৰস্ত কৰিব পৰা অঞ্চলত কিদৰে তাৎক্ষণিক ভাবে বিদ্যুতৰ যোগান ধৰিব পাৰি সেই বিষয়তো সতৰ্ক হৈ থাকিবলৈ মোদীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। ভাৰতীয় নৌ সেনা, এনডিআৰএফ আৰু উপকূলৰক্ষী বাহিনীক উদ্ধাৰ অভিযানৰ বাবে সাজু হ’বলৈ মোদীয়ে কয়।

যশ ধুমুহাৰ আগমণৰ পৰিপ্ৰেক্ষিতত বংগ আৰু ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত এনডিআৰএফ বাহিনীৰ ৪৬ টা দল সাজু কৰি ৰখাৰ কথা বৈঠকৰ সময়তে মোদীক জানিবলৈ দিয়া হয়। উদ্ধাৰ অভিযানৰ বাবে বায়ু সেনাৰ ১০ টা বাহিনীৰ লগতে ৩ টা অভিযান্ত্ৰিক শাখাও সাজু কৰি ৰখা হৈছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ২৫ মে’ত ওড়িশাৰ উপকূলত যশ ঘূৰ্ণীয়ে প্ৰৱেশ কৰিব।
বিশ্বৰ তাণ্ডৱ সৃষ্টিকাৰী ঘূৰ্ণীবোৰৰ মাজৰে এটা হৈছে যশ।

এই ঘূৰ্ণী জাকে ২৬ মে’ত প্ৰৱেশ কৰিব পশ্চিমবংগত। ওড়িশা আৰু পশ্চিমবংগত এই ঘূৰ্ণী জাকে সংহাৰৰ সৃষ্টি কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

অসমতো যশ ঘূৰ্ণীৰ প্ৰভাৱ পৰাৰ আশংকা আছে।

যিকিনহওঁক সংহাৰী ঘূৰ্ণী যশৰ নামটো বাৰু কোন খন দেশে ৰাখিলে?

দৰাচলতে যশ নামটো ৰাখিছে ওমানে। ওমানৰ প্ৰচলিত ভাষাত যশ অথবা ইয়াছৰ অৰ্থ হৈছে হতাশা। ভাৰত, ইৰাণ,ম্যানমাৰ,, পাকিস্তান, চৌদি আৰৱকে ধৰি বিশ্বৰ ১৩ খন দেশৰ সন্মিলিত সমিতিয়ে নামটোত অনুমোদনো জনাইছে।