লোকসভাত কংগ্ৰেছক তুলাধুনা মোদীৰ—’১০০ বছৰলৈ কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে’

লোকসভাৰ মজিয়াত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক ভাষণৰ মাজতে কংগ্ৰেছক তুলা ধুনা দিয়ে। কংগ্ৰেছলৈ সমালোচনাৰ শেল এৰি মোদীয়ে কয় যে দলটোক এতিয়া দেশবাসীয়ে বিশ্বাসত নোলোৱা হৈছে।

সেইবাবেই

তামিলনাডু, তেলেংগানা, ঝাৰখণ্ড আৰু বিহাৰৰ দৰে ৰাজ্যসমূহে এবাৰ প্ৰত্যাখ্যান কৰাৰ পিছত কংগ্ৰেছক পুনৰ ক্ষমতাত অধিস্থিত কৰা নাই।

মোদীয়ে কয় যে নাগালেণ্ডে ২৪ বছৰ আগতে কংগ্ৰেছক আদৰিছিল, ওড়িশাই ২৭ বছৰ আগতে দলটোক সমৰ্থন জনাইছিল। ২৮ বছৰ আগতে কংগ্ৰেছে গোৱাত জয়ী হৈছিল।

১৯৮৮ চনত ত্ৰিপুৰাৰ জনতাই কংগ্ৰেছক ভোট দিছিল। পশ্চিমবংগই ১৯৭২ চনত কংগ্ৰেছক জয়ী কৰিছিল। কিন্তু ইমান বছৰৰ পিছত তেনে ৰাজ্য সমূহে কংগ্ৰেছক এবাৰৰ বাবে হ’লেও ক্ষমতালৈ আহিবলৈ দিয়া নাই।

এনে পৰিসংখ্যা দাঙি ধৰি মোদীয়ে কয় যে অহা ১০০ বছৰলৈ কংগ্ৰেছ দেশৰ শাসনলৈ আহিব নোৱাৰে।

কংগ্ৰেছৰ আৰু আম আদমী কোভিডৰ প্ৰথম ঢৌৰ সময়ত মানুহৰ মাজত আতংকৰ পৰিবেশ সৃষ্টি কৰিছিল বুলি মন্তব্য কৰি মোদীয়ে কয় যে এই দুয়োটা দলেই প্ৰব্ৰজনকাৰীৰ মহাসংকটৰ জন্ম দিছিল। আম আদমী পাৰ্টীয়ে দিল্লীৰ বস্তি অঞ্চললৈ গাড়ী পঠিয়াই লোকসকলক কৈছিল যে এটা ডাঙৰ সংকট আহিছে, গতিকে এতিয়া পলোৱাৰ সময়।

ফলত জনতা ভীতিগ্ৰস্ত হৈ পৰিছিল বুলি মোদীয়ে মন্তব্য কৰে।