অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্রহণ সম্পন্ন : কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

Himanta-and-PM-Modi

অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে আজি শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ মন্ত্ৰী পৰিষদৰ কেবিনেট মন্ত্ৰীসকলেও আজি শপত গ্ৰহণ কৰে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে বিভিন্নজনে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ কেবিনেট সদস্যসকলক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ কেবিনেট মন্ত্ৰীসকলক অভিনন্দন জনোৱাসকলৰ ভিতৰত অন্যতম হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ টুইটাৰ একাউণ্টত টুইট কৰি অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীসহ তেওঁৰ কেবিনেট সতীৰ্থসকলক শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰি আশা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটোৱে অসমৰ উন্নয়নৰ যাত্ৰাক অধিক তৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিব।

“আজি শপত গ্ৰহণ কৰা হিমন্ত বিশ্বজী আৰু তেওঁৰ দলটোক অভিনন্দ জ্ঞাপন কৰিছো। মই নিশ্চিত যে তেওঁ আৰু তেওঁৰ দলটোৱে অসমৰ উন্নয়নৰ যাত্ৰা তৰান্বিত কৰি জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিব।” টুইট এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইফালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে। সীতাৰমণে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম উল্লেখ কৰি নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বসূৰীৰ দৰে ভাল কাম কৰি যাব বুলিও আশা প্ৰকাশ কৰিছে।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইংৰাজীৰ লগতে অসমীয়াতো টুইট কৰি নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সতীৰ্থসকলক অভিনন্দন জ্ঞাপন কৰিছে।

“অসমৰ মুখ্যমন্ত্ৰী স্বৰূপে শপত লোৱা শ্ৰী @himantabiswaৰ লগতে আজি শপত গ্ৰহণ কৰা প্ৰতি গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই দৃঢ় নিশ্চিত যে প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াৰ আশিস আৰু আপোনালোকৰ নেতৃত্বত অসমে শান্তি, প্ৰগতি আৰু উৎকৰ্ষৰ এক নতুন দিগন্তৰ সূচনা কৰিব।” অমিত শ্বাহে অসমীয়াতে টুইট কৰি এইদৰে কয়।