যোৱা পাঁচ বছৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ নামত চৰকাৰৰ ব্যয় হৈছে ৫১৭কোটি টকা।
চৰকাৰী প্ৰতিবেদনতেই প্ৰকাশ কৰা হৈছে এই তথ্য।
২০১৫ৰ পৰা বৰ্তমানলৈকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫৮খন দেশ ভ্রমণ কৰাৰ বাবদ এই ধনৰাশি ব্যয় হৈছে।
মঙলবাৰে ৰাজ্যসভাত বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে প্ৰধান মন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত হোৱা খৰচৰ বিতং তথ্য সদৰী কৰে।
মন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰধান মন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ নামত এতিয়ালৈকে খৰচ হৈছে ৫১৭.৮২কোটি টকা।
ভ্ৰমণৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত প্ৰধান মন্ত্ৰী মোদীয়ে আমেৰিকা, ৰাছিয়া আৰু চীনত পাঁচবাৰকৈ ভ্ৰমণ কৰিছে।
ইয়াৰ উপৰি, ছিংগাপুৰ, জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা আৰু সংযুক্ত আৰৱ ৰাষ্ট্ৰত একাধিকবাৰ ভ্ৰমণ কৰিছে।
ইয়াৰ ভিতৰত কোনোবাটো ভ্ৰমণত একেলগে একাধিক দেশলৈ যোৱাৰ বিপৰীতে তেওঁ আন কেইবাটাও দ্বিপাক্ষিক ভ্ৰমণত গৈছে।
যোৱা ২০১৯ৰ ১৩ আৰু ১৪ নৱেম্বৰত শেষবাৰৰ বাবে প্ৰধান মন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ গৈছিল।
কৰ’না সংকটৰ মাজত বিগত কেইমাহ ধৰি প্ৰধান মন্ত্ৰীয়ে কোনো বিদেশ ভ্ৰমণ কৰা নাই।
উল্লেখ্য যে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাৰ পাছৰে পৰা তেওঁ সঘনাই বিদেশ ভ্ৰমণ কৰিছে। ইয়াকে লৈ বিভিন্ন সময়ত বিৰোধী পক্ষই কটাক্ষও কৰিছে। মোদীৰ বিদেশ ভ্ৰমণৰ ফলত দেশৰ কি লাভ হৈছে তাক লৈ বিৰোধীয়ে প্ৰশ্নও উত্থাপন কৰিছে।
আনহাতে, বিদেশ ৰাজ্য মন্ত্ৰী মুৰলীধৰণে মোদীৰ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে বিভিন্ন চুক্তি হোৱাৰ স্বাক্ষৰিত হোৱাৰ কথা প্ৰকাশ কৰে।
তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে ব্যৱসায়িক সম্পৰ্কৰ উন্নতি ঘটিছে তথা দেশত বিদেশী বিনিয়োগৰ পৰিমান বৃদ্ধি পাইছে।