NORTHEAST NOW (Assamese)

লালকিল্লাত একেৰাহে সপ্তমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা প্ৰথম গৰাকী অকংগ্ৰেছী প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত নৰেন্দ্ৰ মোদী

August 15, 2020 8:43 am · এন ই নাও নিউজ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লাল কিল্লাত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে আজি একেৰাহে সপ্তম বাৰৰ বাবে লাল কিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে।

ইয়াৰ ফলত লালকিল্লাত অধিক সংখ্যক বাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা প্ৰথম গৰাকী অকংগ্ৰেছী প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত হয় প্ৰধান মন্ত্ৰী মোদীয়ে।

নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক অতিক্ৰম কৰে।

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে এইবাৰ লালকিল্লাত তেওঁৰ সন্মুখত শিশু সকলক দেখা নোপোৱাৰ কথা উল্লেখ কৰি ক’ৰ’না ভাইৰাছে সকলোকে স্তব্ধ কৰি পেলাইছে বুলিও কয়।

এই কঠিন সময়ত সকলো ভাৰতবাসী একেলগ হৈ ভাৰতক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Related News