বোকাখাতৰ পঞ্চায়তত PMAYৰ কেলেংকাৰি: ঠিকাদাৰৰ হাতত সৰ্বস্বান্ত দৰিদ্ৰ হিতাধিকাৰী

বোকাখাত বিধানসভা সমষ্টিৰ মিত্ৰজোঁট বিজেপি আৰু অসম গণ পৰিষদৰ দখলত থকা গাওঁ পঞ্চায়তত সম্প্ৰতি অবাধ দুৰ্নীতি চলিছে৷

এই দুৰ্নীতিৰ এলানি প্ৰতিবেদন ইতিমধ্যেই আমি নৰ্থইষ্ট নাওত প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিছো৷

এই প্ৰতিবেদনৰ পাছতেই গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ বিষয়া দিলীপ সৰকাৰে বিভাগীয় কনিষ্ঠ অভিযন্তাক লৈ নিজেই দুৰ্নীতিৰ তদন্ত কৰিছে৷

আমাৰ প্ৰতিবেদনৰ পাচতেই বোকাখাতৰ ম’হমাইকী গাওঁ পঞ্চায়তত নিশাৰ ভিতৰতেই হিতাধিকাৰীৰ নামত আৱণ্টিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাবলৈ বাধ্য হৈছে গাওঁ পঞ্চায়ত খনৰ সংশ্লিষ্ট ৱাৰ্ড সদস্যই৷

একেদৰে দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তত সংঘটিত গৃহ নিৰ্মাণৰ কেলেংকাৰিৰ চৰজমিন তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবৰ বাবে গাওঁ পঞ্চায়তৰ সচিবক নিৰ্দেশ দিছে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে৷

ইয়াৰ মাজতে দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীৰ পৰা  ঠিকাদাৰে ধন দাবী কৰাৰো অভিযোগ আমাৰ হাতত পৰিছেহি৷

দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এজন হিতাধিকাৰীৰ নাম বগা মুণ্ডা৷

২০১৯ চনৰ ৩ চেপ্তেম্বৰতেই ঘৰৰ বাবে প্ৰশাসনিক অনুমোদন পোৱাৰ পিচত চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰিত পোৱা অন্তিম কিস্তিৰে বগা মুণ্ডাই গৃহ নিৰ্মাণৰ বাবে মুঠ ১.৩০ লাখ টকা লাভ কৰিছিল৷

কিন্তু গৃহ নিৰ্মাণৰ বাবে লাভ কৰা এই সমুদায় ধন ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে জনৈক নিপুল হাজৰিকা নামৰ ঠিকাদাৰ গৰাকীয়ে বগা মুণ্ডাৰ পৰা লৈ গৈছিল যদিও আজিলৈকে বগা মুণ্ডাৰ ঘৰ সম্পূৰ্ণকৈ বনাই নিদিলে ঠিকাদাৰ জনে৷

বগা মুণ্ডাই জনোৱা মতে ১.৩০ লাখ টকা আদায় দিয়াৰ পাচত এতিয়া আৰু অতিৰিক্ত ১৮ হেজাৰ টকা তেওঁৰ পৰা দাবী কৰিছে ঠিকাদাৰ নিপুল হাজৰিকাই৷

এই ১৮ হেজাৰ টকা আদায় দিলেহে তেওঁৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰটোৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰে সম্পূৰ্ণ কৰিব বুলি বগা মুণ্ডাই আমাক জনায়৷

মন কৰিব লগীয়া যে বিভাগীয় তথ্যত বগা মুণ্ডাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি চলিত বৰ্ষ ৩১ জুলাইতেই প্ৰতিবেদন দাখিল কৰিছে দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তে৷

অকল বগা মুণ্ডাই নহয় আৰু বহু হিতাধিকাৰীৰ প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণ ঠিকাদাৰৰ হস্তক্ষেপৰ বাবে আজিও অসম্পূৰ্ণ হৈ পৰি ৰৈছে৷

এনেবোৰ দুৰ্নীতিৰ পাচতো বোকাখাতত পঞ্চায়তে পঞ্চায়তে অতি নিৰ্লজ্জভাৱে ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভই কৰিছে ৰাজনৈতিক নেতা-পালিনেতাই৷