• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক পথ নিৰ্মাণ বন্ধ কৰাৰ পৰামৰ্শেৰে ঘাইপথ মন্ত্ৰ্যালয়লৈ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পত্ৰ

"নিধিৰাম চৰ্দাৰ" হ'বগৈ নেকি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ? পথ নিৰ্মাণ বন্ধ কৰি toll সংগ্ৰহৰ পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 8:40 pm
NHAI-647_0

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কেইটামান পৰামৰ্শৰ তালিকাসহ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰই দেশৰ বিত্তীয় অৱস্থাটোৰ মন্দামুখী ৰূপটো প্ৰকট কৰি তুলিছে।

Apply Now

প্ৰধান মন্ত্ৰীৰ প্ৰধান সচিব নৃপেন্দ্ৰ মিশ্ৰই যোৱা ১৭ আগষ্টতে প্ৰেৰণ কৰা পত্ৰখনৰ বিষয়বস্তুৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো গুৰুত্বসহ ঠাই পাইছে।

পত্ৰখনত প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা পোৱা বুলি কৈ কেইবাটাও সংস্কাৰমূলক পৰামৰ্শ বিবেচনাৰ বাবে আগ বঢ়াই দিছে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ক।

ইয়াৰ ভিতৰত পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ পৰামৰ্শটো আৰু সম্পূৰ্ণ হোৱা ৰাষ্ট্ৰীয় পথবোৰক উপাৰ্জনৰ আহিলা কৰিবলৈ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পৰামৰ্শই বিতৰ্কৰ মাজেৰে চৰ্চাত আছে।

পত্ৰখনত পথ নিৰ্মাণৰ বাবে বেচৰকাৰী বিনিয়োগকাৰী আগ বাঢ়ি নহাটোকো আঙুলিয়াই দিয়া হৈছে।

“পথ নিৰ্মাণ বিত্তীয়ভাৱে অ-ধাৰণক্ষম হৈ পৰিছে। বেচৰকাৰী বিনিয়োগকাৰী আৰু নিৰ্মাণ কোম্পানিবোৰে নতুন পথ নিৰ্মাণৰ প্ৰকল্পবোৰৰ পৰা নিজকে আঁতৰাই আনিছে।” লাইভ মিণ্ট নামৰ নিউজ পৰ্টেলটোত পত্ৰখনৰ পৰা এই উদ্ধৃতি দিয়া হৈছে।

এইবোৰ সংকটৰ পৰা উদ্ধাৰ পাবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্মাণ সংস্থাৰ পৰিৱৰ্তে সম্পদ ব্যৱস্থাপনা কোম্পানি (asset management company)-লৈ সলনি কৰাৰ পৰামৰ্শ দিয়া হৈছে, যিটোৰ পৰিণতি হিচাপে ই পথ নিৰ্মাণ বন্ধ কৰিব।

পৰামৰ্শবোৰত ইতিপূৰ্বে সম্পূৰ্ণ হোৱা পথবোৰক উপাৰ্জনৰ কামত জোৰদাৰভাৱে লগাবলৈও ইচ্ছা দাঙি ধৰা হৈছে, য’ত এইবোৰত পথকৰ বা টল (toll) বহুওৱাৰ বাবে ব্যক্তিগত কোম্পানিক নিলাম কৰাৰ দিহা দিয়া হৈছে।

এই ব্যক্তিগত কোম্পানিবোৰক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈ আগ বঢ়োৱা অগ্ৰিম ৰাজহৰ বিনিময়ত ১০ বা ২০ বছৰৰ বাবে পথছোৱাত কৰ সংগ্ৰহৰ অনুমতি দিয়া হ’ব আৰু উক্ত সময়ছোৱাত কোম্পানিবোৰে পথছোৱা মেৰামতি কৰিব। পত্ৰখনত এইদৰে কোৱা হৈছে।

পৰামৰ্শত কোৱা হৈছে, বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ hybrid annuity আৰু EPC  (Engineering, Procurement & Construction) আৰ্হি বহনক্ষম হৈ থকা নাই আৰু সেয়ে সংস্কাৰৰ প্ৰয়োজন।

এই পত্ৰখনে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থাটো উদঙাই দিয়াৰ লগতে অসমৰ বাবে কঢ়িয়াই অনা প্ৰধান শংকাটো হ’ল অসমৰ অন্তৰ্গত অতি শোচনীয় ৰাষ্ট্ৰীয় ঘাইপথকেইটাৰ অৱস্থাৰ পৰিৱৰ্তনত সম্ভাৱনা ক্ষীণ হৈ পৰাটো।

ৰাজ্যখনৰ ভিতৰত পৰা কেইবাটাও ৰাষ্ট্ৰীয় পথ ব্যৱহাৰৰ অনুপযুক্ত হৈ পৰা সত্ত্বেও দৈনন্দিন চৰম যন্ত্ৰণা সহি যাত্ৰীয়ে এইবোৰ ব্যৱহাৰ কৰি থাকিব লগীয়া হৈছে।

শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত অসমৰ জাতিঙ্গা-হাৰাঙ্গাজাও অংশটো এতিয়াও আধৰুৱা আৰু বিধ্বস্ত ৰূপত আছে। গতিকে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ এই পত্ৰখনক উপেক্ষা কৰিব নোৱাৰিলে সমগ্ৰ দেশৰ লগতে অসমৰ ৰাইজেও ইয়াৰ পৰিণাম ভুগিব লগীয়া হ’ব।

লগতে পঢ়ক পথ নে পুখুৰী? এপাল ম’হে ঘুলি ল’লে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত

তাৰোপৰি ব্যক্তিগত কোম্পানিক ইচ্ছানুসৰি কৰ সংগ্ৰহৰ অনুমতি দি জনগণৰ ওপৰত মাধমাৰ শোধোৱাৰ পথ মুকলি হোৱাটোও নিশ্চিত। অসমত ৰহাৰ ট’ল গেইট পুনৰ সক্ৰিয় কৰিবলৈ অসম চৰকাৰে হেঁচা পাই থকাৰ কথা চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ শেহতীয়া কেইবাটাও ভাষ্যত প্ৰকাশ পাই আহিছে।

মোদী চৰকাৰে এই বছৰ ঘোষণা কৰিছিল যে চৰকাৰখনে আন্তঃগাঁথনিত সৰ্বাধিক গুৰুত্ব দিব আৰু ইয়াৰ বাবে ৫ বছৰৰ কাৰ্য্যকালত প্ৰায় ১০০ লাখ কোটি টকা খৰচ কৰিব।

কিন্তু এতিয়া মন্দামুখী চৰকাৰৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ এই পত্ৰই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ঢাল-তৰোৱালবিহীন “নিধিৰাম চৰ্দাৰ”ত পৰিণত কৰাৰহে শংকা সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd