• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়দীপ শইকীয়াৰ কাব্য চৰ্চা; সংকট আৰু সংঘাতৰ কবিতা পুথি- সুষুপ্তি

দিলীপ বৰা by দিলীপ বৰা
January 1, 2021 5:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ এচিয়াৰ উগ্ৰপন্থী সমস্যাৰ ওপৰত কেইবাখনো আন্তঃৰ্জাতিক মানৰ কিতাপ আৰু বহুতো মূল্যবান প্ৰবন্ধৰ লেখক জয়দীপ শইকীয়াক লগ পোৱাৰ ডেৰকুৰি বছৰ পাৰ হৈ গৈছে। চেইন্ট ষ্টিফেন্স কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্বন্ধৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা শইকীয়াৰ বুদ্ধিদীপ্ত চিন্তা আৰু বৌদ্ধিক ব্যাপ্তিয়ে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তি মাত্ৰকেই আকৰ্ষণ কৰে।

তেতিয়াই জানিছিলো জয়দীপৰ চিন্তাশীল মন আৰু বিশ্লেষনাত্মক ব্যক্তিত্বই এদিন আমাৰ বৌদ্ধিক জগতখনক সমৃদ্ধ কৰিব। নিৰাপত্তা আৰু প্ৰতিৰক্ষা, এই দুটা বিষয়ত জয়দীপে লিখা প্ৰতিখন গ্ৰন্থই লেখকৰ বুদ্ধিমত্তা আৰু বিশ্লেষনাত্মক প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ প্ৰাক্তন নিৰাপত্তা বিশেষজ্ঞ নিৰাপত্তা আৰু প্ৰতিৰক্ষা বিশেষজ্ঞ জয়দীপ শইকীয়াই ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমৰ্থিত এটা আন্তৰ্জাতিক বিশেষজ্ঞ দলৰ সদস্যৰূপে Devious Objectives and Spoilers in Peace Process নামৰ অধ্যয়ন প্ৰকল্প এটাৰ লগতো জড়িত আছিল ৷

Apply Now

তেওঁৰ Terror Sans Frontier নামৰ কিতাপখনৰ বিষয়ে ষ্টিফেন ফিলিপ কোহেনে এনেদৰে কৈছে, ‘One of the most important books on the question of insurgency yet to appear.’

জয়দীপৰ যে এক অনন্য কাব্য প্ৰতিভাও তাৰ প্ৰমান তেওঁৰ ইতিমধ্যে প্ৰকাশিত ইংৰাজী কবিতাবোৰ৷ মোৰ পৰম সৌভাগ্য যে জয়দীপে তেওঁৰ এমুঠি কবিতা অসমীয়ালৈ অনুবাদ কৰাৰ দায়িত্ব মোক দিলে।

জয়দীপৰ ইংৰাজী গদ্যৰ লগত মোৰ চিনাকি বেছ পুৰণি ৷ সাহিত্যৰ ছাত্ৰ নহৈও তেওঁৰ ইংৰাজী ভাষাৰ ওপৰত দখল ঈৰ্ষণীয়, প্ৰকাশভংগী সাৱলীল আৰু বস্তুনিষ্ঠ।

পৃথিবীৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত তেওঁৰ গ্ৰন্থ অন্তৰ্ভুক্ত হৈছে। কবি হিচাপে তেওঁৰ সৃষ্টিৰাজিৰ লগত এয়া মোৰ প্ৰথম পৰিচয় আৰু প্ৰথম পৰিচয়তে মই তেওঁৰ কবিতা আৰু কাব্য প্ৰতিভাৰ প্ৰেমত পৰিছোঁ।

কম শব্দত বহু কথা ক’ব পৰাটোৱেই কবিতাৰ বৈশিষ্ট ৷ জয়দীপৰ প্ৰতিটো শব্দই বহু কথা কয়, পাঠকক সীমাৰ পৰিধি পাৰ কৰাই বিশাল বিশ্বৰ বুকুলৈ লৈ যায়। সুনিপুণ চিত্ৰকৰৰ বিখ্যাত ছবি একোখনৰ দৰে তেওঁৰ কবিতাৰ প্ৰতিটো শাৰীয়ে মানুহৰ অন্তৰৰ গভীৰতম কোণত লুকাই থকা ভাৱ আৰু অনুভূতিবোৰ পাঠকৰ চকুৰ আগত তুলি ধৰে।

পৃথিবীৰ অশান্তিজৰ্জৰ ঠাইবোৰত নিতৌ ঘটি থকা বৰ্বৰ ঘটনাবোৰ, হাজাৰ-বিজাৰ কেঁচা যৌৱনৰ অকাল মৃত্যুৱে নিঃশ্ব কৰি থৈ যোৱা নিকট আত্মীয়ৰ চকুপানীয়ে উটুৱাই নিব খোজা সমাজখনৰ জীৱন্ত ছবিখন চাই পাঠকৰ হৃদয় ক্ষোভত জ্বলি উঠে। একে আষাৰে ক’বলৈ হ’লে জয়দীপৰ প্ৰতিটো কবিতাই সাৰ্থক আৰু উচ্চ খাপৰ।

অষ্টাদশ শতিকাৰ আৰম্ভনিৰ পৰাই পৃথিবীত অতীতৰে পৰা চলি অহা ধৰ্মীয় আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ উপৰি বৰ্ধিত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ কাৰণে আন বহু প্ৰকাৰ সংঘাতৰ সৃষ্টি হৈছে।

ঊনৈশ শতিকাৰ ঔপনিৱেশিকতাবাদ আৰু পুঁজিবাদ বনাম সমাজবাদী সংঘাতৰ লগত কুৰি শতিকাৰ দুখনকৈ বিশ্বযুদ্ধ আৰু ফেঁচীবাদ বনাম গণতন্ত্ৰৰ সংঘাতে সমগ্ৰ মানৱ সমাজ তোলপাৰ কৰি আছে।

একৈশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা চমৎকাৰ উন্নতিয়ে এনেবোৰ সংঘাত উপশম কৰাতকৈ অধিক তীক্ষ্ন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰভাৱ বিগত দুটা শতিকাৰ সাহিত্যত অতি গভীৰ।

এই দুই শতিকাৰ সাহিত্য সংঘাতৰ সাহিত্য বুলি ক’লে মুঠেই অত্যুক্তি কৰা নহয়। কথা সাহিত্যৰ দৰেই কাব্য সাহিত্যটো ইয়াৰ প্ৰভাৱ স্পষ্ট।

নেৰুদা, গাৰ্চিয়া, ৱাল্ট হুইটমেন আদি বিশ্ববৰেণ্য কবিয়েও শ্ৰেণী সংঘাত আৰু সমাজ তথা ব্যক্তি জীৱনত ইয়াৰ প্ৰভাৱক লৈ কবিতা লিখিছে ৷ কবি জয়দীপৰ কবিতাত প্ৰতিফলিত সংঘাত মূলতে আঞ্চলিক আৰু গোষ্ঠীয়।

ইয়াৰ আঁৰত আছে যোৱা শতিকাৰ শেষৰ দুটা দশকত পূঁজিবাদৰ হাতত সমাজবাদী শিবিৰৰ পৰাজয় আৰু আঞ্চলিক আৰু গোষ্ঠী চেতনাৰ পুনৰুথ্থান ৷ সামগ্ৰিকভাৱে বিচাৰ কৰিলে জয়দীপৰ কবিতাক আমি কুৰি শতিকাৰ শেষ আৰু একৈশ শতিকাৰ প্ৰথম দশকৰ আঞ্চলিক আৰু গোষ্ঠী সংঘাতে সমাজ আৰু ব্যক্তি জীৱনত সৃষ্টি কৰা ধুমুহাৰ প্ৰতিফলন বুলি গন্য কৰিব পাৰো।

অসমীয়া কাব্য সাহিত্যত এনে কবিতা বিৰল ৷ সেয়ে কবিৰ মূল ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ এই সংকলনটি অসমীয়া সাহিত্যলৈ এক বিশেষ মূল্যবান সংযোজন বুলি অভিহিত কৰিব পাৰি।

দিলীপ বৰা

দিলীপ বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd