• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমৰ্ত্য সেনলৈ বিশ্ব ভাৰতীৰ উচ্ছেদৰ জাননী: প্ৰতিবাদত নামিল বুদ্ধিজীৱী, স্থানীয় ৰাইজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 8:38 pm
Amartya Sen
1.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰখ্যাত অৰ্থনীতিবিদ তথা নোবেল বিজয়ী অমৰ্ত্য সেনলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে বিশ্ব ভাৰতীয়ে। অৰ্থনীতিবিদ গৰাকীৰ বিৰুদ্ধে জাৰি কৰা এই জাননীৰ বিৰোধিতাৰে আজি বংগত এক প্ৰতিবাদী সমদল বাহিৰ কৰে কেইবাগৰাকীও বুদ্ধিজীৱী আৰু স্থানীয় ৰাইজে।

প্ৰতিবাদী কাৰ্যসূচীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত পৰিৱেশন, গুৰুদেৱৰ প্ৰতিবাদী কবিতা আবৃত্তি আৰু তেওঁৰ দ্বাৰা ৰচিত নাটকৰ খণ্ড অভিনয়েৰে অমৰ্ত্য সেনলৈ সমৰ্থন আগবঢ়োৱা হয়।

নৱজাত ‘সমাজিক মৰ্যাদা সুৰক্ষা সমিতি’ৰ এই সমাৱেশত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ প্ৰতিবাদত শান্তিনিকেতন আৰু কলকাতাৰ বুদ্ধিজীৱী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

বিশ্ব-ভাৰতী চৌহদৰ ‘শিক্ষা ভৱন’ৰ সমীপত পুৱা সমবেত হৈ প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীলৈ সমৰ্থনৰ চিন স্বৰূপে সেনৰ বাসগৃহ ‘প্ৰতিচি’ৰ বাহিৰত মানৱ শৃংখল গঠন কৰি ৰবীন্দ্ৰ সংগীত পৰিৱেশনেৰে সমদল আগুৱাই নিয়া হয়।

বিশ্ব-ভাৰতীৰ প্ৰাক্তন শিক্ষক তথা সাহিত্যিক স্বপন কুমাৰ ঘোষৰ নেতৃত্বত এই সমাৱেশত কলকাতাৰ সুপৰিচিত চিকিৎসক তথা সমাজকৰ্মী অৰিন্দম বিশ্বাসেও অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত বিশ্বাসে কয়, “অধ্যাপক অমৰ্ত্য সেনক নিৰন্তৰ অপমান তথা ছলনাৰ লগতে বিশ্ব ভাৰতী কৰ্তৃপক্ষই তেওঁক নীৰৱ কৰিবলৈ শাৰীৰিক আক্ৰমণৰ ভাবুকি দিয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো।”

সেনৰ বিৰুদ্ধে এনে কাৰ্যক লৈ শংকিত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ লগতে এনেধৰণৰ কৌশলৰ বিৰোধিতাৰে আজি ঘৃণাত ৰাজপথলৈ ওলাই আহিছো বুলিও মন্তব্য কৰে।

অমৰ্ত্য সেনৰ কণ্ঠ নীৰৱ কৰি ৰখাৰ উদ্দেশ্যেই এই ষড়যন্ত্ৰ ৰচা হৈছে বুলি অভিযোগ কৰি তেওঁ লগতে আজিৰ এই প্ৰতিবাদ সামাজিক প্ৰতিবাদৰ কণ্ঠস্বৰ প্ৰকাশ বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, বিশ্ব ভাৰতীয়ে যোৱা ১৯ এপ্ৰিলত অৰ্থনীতিবিদগৰাকীক উচ্ছেদৰ জাননী জাৰি কৰি কেম্পাছৰ ০.১৩ একৰ মাটি “অবৈধভাৱে দখল” কৰাৰ অভিযোগ উত্থাপন কৰিছিল। লগতে তেওঁক ৬ মে’ৰ ভিতৰত ‘প্ৰতিচি’ৰ ১.৩৮ একৰ মাটিৰ অংশস্বৰূপ মাটি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

কলিকতা উচ্চ ন্যায়ালয়ে অৱশ্যে এই নিৰ্দেশৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছিল আৰু ১৫ মে’ত বীৰভূম জিলাত উক্ত গোচৰৰ শুনানিৰ দিন নিৰ্ধাৰণ কৰিছিল৷

ইফালে অমৰ্ত্য সেনে আদালতত আত্মপক্ষ সমৰ্থনত ১৯৪৩ চনৰ অক্টোবৰ মাহত তেতিয়াৰ বিশ্ব ভাৰতীৰ সাধাৰণ সম্পাদক ৰথিন্দ্ৰনাথ ঠাকুৰে সেনৰ পিতৃ আশুতোষ সেনক ৯৯ বছৰৰ বাবে লিজত দিয়া মাটিত ‘প্ৰতিচি’ নিৰ্মাণ কৰা হৈছিল বুলি জানিবলৈ দিয়ে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd