• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 2:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা পহিলা জুলাইত আমাৰ মাজৰপৰা অকালতে আঁতৰি যোৱা সুপ্ৰসিদ্ধ কবি অনুভৱ তুলসীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে কালি (৭ জুলাই, ২০২৫) সন্ধিয়া গুৱাহাটীৰ শিলপুখুৰীৰ ‘সভাঘৰ’ত এখন গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাৰ্ঘ্য সভা অনুষ্ঠিত হৈ যায়। মুনীন বৰকটকী স্মাৰক ন্যাস, অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু সামাজিক-সাংস্কৃতিক-সাহিত্য সংস্থা ‘চৰ্য্যা’ৰ যৌথ উদ্যোগত আয়োজিত সভাৰ আৰম্ভণিতে দিবংগত কবি অনুভৱ তুলসীৰ অতনু আত্মাৰ সদগতিৰ কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়৷ ইয়াৰ পাছতে কবি অনুভৱ তুলসীৰ প্ৰতিচ্ছবিৰ সমুখত পুষ্পাঞ্জলি অৰ্পণ কৰে সমৱেত বিশিষ্ট অতিথিসকলে । পুষ্পাঞ্জলিৰ পাছতে কবি কুশল দত্তই আয়োজক তিনিওটা সংস্থাৰ হৈ সভাত তিনিটা শোকবার্তা পাঠ কৰি শুনায়।

শোকবাৰ্তাকেইটা কবি কন্যা সঞ্জীৱনী শইকীয়াক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ক্ৰমে মুনীন বৰকটকী স্মাৰক ন্যাসৰ হৈ নাসৰক্ষী, সমালোচক অধ্যাপক বিভাস চৌধুৰীয়ে, অজিৎ বৰুৱা অনুৰাগী সমাজৰ হৈ উপ সভাপতি, কবি, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ৰাজীৱ বৰুৱাই আৰু সাহিত্য-সংস্কৃতিৰ সংস্থা ‘চৰ্য্যা’ৰ হৈ সদস্য, কবি অংকুৰ ৰঞ্জন ফুকনে৷ ইয়াৰ লগতে তিনিওগৰাকীয়ে সভাত সুকীয়াকৈ নিজৰ নিজৰ বক্তব্য তথা শ্ৰদ্ধাৰ্ঘ্য আগবঢ়ায়৷ ইয়াৰ পাছতে কবি অনুভৱ তুলসীৰ জীয়ৰী সঞ্জীৱনী শইকীয়াই তেওঁৰ পিতৃয়ে যোৱা ২৩ জুনত লিখা এটি কবিতা সভাত পাঠ কৰি শুনায়। উল্লেখযোগ্য যে কবি অনুভৱ তুলসীয়ে লোকগীতৰপৰা গভীৰভাৱে অনুপ্ৰাণিত হৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল বুলি জনা যায় আৰু তেওঁলৈ এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি হিচাপে সভাত কবি-গায়িকা বেবী ভূঞাই  পৰিৱেশন কৰে এটি গোৱালপাৰীয়া লোকগীত।

Apply Now

গীতৰ পাছত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱে নিজৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপক বক্তব্য আগবঢ়ায় সভাত৷ বক্তব্য প্ৰদান কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল— গীতিকাৰ কীৰ্তি কমল ভূঞা, কবি সমীৰ তাঁতী, কবি নীলিম কুমাৰ, কবিৰ শৈশৱৰ বন্ধু ৰাহুল আমিন, সমালোচক-সম্পাদক মুনীন বায়ন, লেখক-অধ্যাপক গৰিমা কলিতা, অনুবাদক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া,  কবি কমালুদ্দিন আহমেদ, কবি সঞ্জয় চক্রৱৰ্তী, নয়নজ্যোতি কাকতি, কবি ভাতৃ প্ৰদীপ কুমাৰ শইকীয়া আদি। আনহাতে, সভাত প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক-অভিনেতা ডাঃ সান্ত্বনা বৰদলৈ, খ্যাতনামা চিত্ৰশিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য, গুৱাহাটী চিনে ক্লাবৰ প্ৰাক্তন সম্পাদক কনক চন্দ্ৰ কলিতা, বিশিষ্ট গল্পকাৰ ইমৰান হুছেইন, বিশিষ্ট গল্পকাৰ বন্তি শেনচোৱা, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰাখী কলিতা মৰল, বিশিষ্ট লেখক তথা প্ৰাক্তন অসম চৰকাৰৰ প্ৰাক্তন বিষয়া ধ্ৰুৱ হাজৰিকা, কবি-চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী, অনুবাদক বিবেকানন্দ চৌধুৰী, লেখক-সাংবাদিক পৱিত্ৰ বৰা, লেখক-সাংস্কৃতিক সংগঠক মছদ্দৰ হোছেইন, গল্পকাৰ ৰত্না ভৰালী তালুকদাৰ, লেখক ৰেজাউল কৰিম, গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সম্পাদক-চিত্ৰশিল্পী নিখিলেশ্বৰ বৰুৱা, গল্পকাৰ ৰশ্মিৰেখা বৰা, কবি বিজয় শংকৰ বৰ্মন, আবৃত্তিকাৰ কাকলি বৰা, কবি মালতী গুৰুং, ফণী কলিতা আদি অনেক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভাখনি নিয়াৰিকৈ পৰিচালনা কৰে কবি কুশল দত্তই৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd