অসম বহুভাষিক কবি সন্মিলনৰ অহা ১৫ আৰু ১৬ মে’ত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অধিৱেশন উপলক্ষে অসম ভিত্তিক স্বৰচিত বহুভাষিক কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
এই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক হেম চন্দ্ৰ দত্ত আৰু দীপেশ্বৰী দত্ত সোঁৱৰণী বঁটা আৰু চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থানপ্ৰাপ্ত প্ৰতিযোগীক মুকুন্দ শৰ্মা সোঁৱৰণী বঁটা আগন্তুক বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ’ব।
স্বৰচিত কবিতা প্ৰতিযোগিতাৰ নিয়মাৱলী অনুযায়ী অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ভাষাৰ যিকোনো এটাতহে এগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতা সকলো বয়সৰ বাবে মুকলি থাকিব।
পূৰ্বে ছপা আকাৰে প্ৰকাশিত বা ছ’চিয়েল মিডিয়াত স্থান দিয়া কবিতা এই প্ৰতিযোগিতাৰ বাবে গ্ৰাহ্য নহ’ব। কবিতাৰ বিষয়বস্তু কবিৰ নিজস্ব। প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা ফোন নম্বৰ সহ স্বৰচিত কবিতা – কাজীজ টেইলৰিং, মেইন ৰোড, বঙাইগাঁও, ভাৰতীয় ষ্টেট বেংকৰ সম্মুখত, পিন – ৭৮৩৩৮০ ঠিকনাত অহা ২০ এপ্ৰিলৰ আগতে পোৱাকৈ পঠাব লাগিব।
বিচাৰকমণ্ডলীৰ সিদ্ধান্তমৰ্মে ফলাফল ঘোষণা কৰি বাতৰিকাকতত প্ৰকাশ কৰা হ’ব বুলি অসম বহুভাষিক কবি সন্মিলনৰ প্ৰধান সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিছে ৷





