NORTHEAST NOW (Assamese)

কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জাগীৰোডত

January 24, 2019 1:34 pm · মিণ্টু দাস

জাগীৰোড শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত জাগীৰোড শাখা কবি সন্মিলনৰ সৌজন্যত বুধবাৰে জাগীৰোড শিশু উদ্যানৰ বাকৰিত মুকলি চোতাল শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান অনষ্ঠিত হয়।

নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দিজেন্দ্ৰ নাথ হাজৰিকাৰ পৌৰোহিত্যত তথা জাগীৰোড শাখা কবি সন্মিলনৰ সম্পাদক অবন্তি বৰাই আঁত ধৰা এই অনুষ্ঠানত বহুতো কবিয়ে কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰক উক্ত বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

চহিদ বেদীত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতেই সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড০ উৎপল নাথে সঞ্চালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জাগীৰোড শাখা কবি সন্মিলনৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই।

কবিতা পাঠৰ অন্তত অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি পুৱা অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘সুন্দৰেযে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে’ৰ পাঠৰে তথা সন্মিলনৰ কাব্যমন্ত্ৰৰে সভাৰ সামৰণি পৰে।

কাব্যানুষ্ঠানটোত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, মৰিগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা লোকেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ভৱেন চন্দ্ৰ নাথ, জাগীৰোড শাখা সাহিত্য সভাৰ সম্পাদক ড০ দীপক জ্যোতি বৰুৱা আদিৰ উপস্থিতিত প্ৰায় তিনিকুৰি কবিয়ে কবিতা পাঠ কৰে।

Related News