28 years man who weds 24 women এগৰাকী-দুগৰাকী নহয়, ভুৱা পৰিচয় দি আঠাইশ বছৰ বয়সতে একেৰাহে ২৪ গৰাকী যুৱতীক বিয়া! এগৰাকী পত্নীৰ অভিযোগৰ ভিত্তিত ‘কীৰ্তিমানক’ অৱশেষত আৰক্ষীয়ে ধৰা পেলায়। আসাবুল মোল্লা নামৰ এই অভিলেখকাৰী প্ৰৱঞ্চকজনক বুধবাৰে পশ্চিমবংগৰ দট্টপুকুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
এগৰাকীৰ পিছত এগৰাকীকৈ ২৪ গৰাকী যুৱতীক বিয়া পতা এই আশাবুল মোল্লা কোন? আসাবুল পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ বাৰাসাত কাজিপাৰা অঞ্চলৰ বাসিন্দা। যুৱকজনে ৰাজ্যখনৰ বিভিন্ন জিলাত ৰাস্তা মেৰামতিৰ কাম কৰি ঘুৰি ফুৰিছিল। তেওঁ ভুৱা পৰিচয় পত্ৰ প্ৰস্তুত কৰি সেই ঠাইবোৰত বাস কৰিবলৈ লৈছিল।
লগতে পঢ়ক: ‘ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতিৰে ডাঙৰ চহৰলৈ প্ৰলোভিত কৰি আনি পতিতাবৃত্তিত ঠেলি দিয়া হয় উত্তৰ-পূবৰ যুৱতীক’
স্থানীয় লোকসকলে জনায় যে তেওঁ এজন অনাথ। যেতিয়া যিটো অঞ্চলত তেওঁ বাস কৰিছিল তেতিয়াই তেওঁ তাত থকা কোনো যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈ বিয়া পাতি শহুৰেকৰ ঘৰতে থাকিবলৈ লয়। কিছুদিন সংসাৰ কৰাৰ পিছত যুৱতীৰ ঘৰৰ পৰা টকা-পইচা, ধন-সোণ লৈ উধাও হয়।
জানিব পৰা মতে, আসাবুলে সাগৰদীঘি অঞ্চলৰ দুগৰাকী যুৱতীক একে ধৰণে বিয়া কৰায়। আৰু এদিন পৰিকল্পনা অনুসৰিয়ে তেওঁ অদৃশ্য হৈ পৰে। সেই দুগৰাকীৰ মাজৰে এগৰাকীয়ে স্বামী আসাবুলৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে।
তেওঁ জনায় যে টকা আৰু গহনা লৈ পলাই যায় আসাবুল। মোবাইল ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিও কোনো লাভ নহ’ল। অভিযোগ পোৱাৰ লগে লগে সাগৰদীঘি আৰক্ষী থানাই তদন্ত আৰম্ভ কৰে। তাৰ পিছতে পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য।
লগতে পঢ়ক: মধ্যাহ্ন ভোজনত কেৱল নিমখ-ভাত; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বৰ্খাস্ত অধ্যক্ষ
আৰক্ষী সূত্ৰই জানিব দিয়া মতে পশ্চিম বংগৰ বিভিন্ন জিলাৰ লগতে বিহাৰতো আসাবুলৰ পত্নী আছে। এতিয়ালৈকে যুৱকজনে মুঠ ২৪ গৰাকীক বিয়া কৰাইছে। তেওঁলোক সকলোকে একেধৰণে প্ৰতাৰণা কৰিছে।
আৰক্ষীয়ে অৱশেষত বুধবাৰে দট্টপুকুৰ অঞ্চলৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰে।