• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰকীয়া প্ৰেম; যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ শিৱসাগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰী

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 15, 2019 6:42 am
20190914_204839

ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰগ্ৰেম মেনেজাৰক শনিবাৰে শিৱসাগৰ আৰক্ষীয়ে চৰকাৰী আৱাসৰ পৰা আটক কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শিৱসাগৰ জিলাৰ প্ৰগ্ৰেম, মেনেজাৰ হিল্টন শইকীয়াৰ বিৰুদ্ধে একেটা বিভাগৰে লেবৰটৰী টেকনিচিয়ানে প্ৰেমৰ ভুৱা নাটক কৰি প্ৰৱঞ্চনাৰে ধৰ্ষণ কৰাৰ অভিযোগ তুলি শুকুৰবাৰে শিৱসাগৰ আৰক্ষী থানাত গোচৰ তৰিছিল।

Apply Now

উক্ত গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে হিল্টন শইকীয়াক আটক কৰে।

জানিব পৰা মতে পূৰ্বে বিবাহিত হিল্টন শইকীয়াই কিছু বছৰ পূৰ্বে নিজ পত্নীৰ পৰা আঁতৰি একে বিভাগতে কৰ্মৰত লেবৰটৰী টেকনিচিয়ান বৰ্ণালী দেউৰীৰ লগত অবৈধ প্ৰেমত পৰে আৰু বৰ্ণালী দেউৰীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰে শাৰিৰীক সম্পৰ্কত লিপ্ত হয়।

দীৰ্ঘদিন দুয়োৰে মাজত থকা সম্পৰ্কৰ পাছত হিল্টল শইকীয়াই লাহে লাহে বৰ্ণালী দেউৰীৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰে আৰু পূৰ্বে দিয়া বিয়াৰ প্ৰতিশ্ৰুতি পাহৰি দুয়োৰে জাত বেলেগ হোৱাৰ বাবে বিয়া পাতিব নোৱাৰে বুলি কয়।

হিল্টনৰ ভূৱা প্ৰেমত পতিয়ণ গৈ নিজৰ সৰ্বোচ্চ ত্যাগ কৰা বৰ্ণালী দেউৰীয়ে অৱশেষত কাষ চাপে আৰক্ষীৰ।

হিল্টন শইকীয়াই প্ৰৱঞ্চনাৰে তেওঁক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি শিৱসাগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু শনিবাৰে হিল্টন শইকীয়াক শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ চৰকাৰী আৱাসৰ পৰা আটক কৰে।

বৰ্ণালী দেউৰীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত ৪৯৮(এ)৩৭৬, ৪৯৪ ধাৰাত ৯১৩/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি হিল্টনক গ্ৰেপ্তাৰ কৰে।

নিশালৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হিল্টন শইকীয়াৰ জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে।

ইপিনে, হিল্টন শইকীয়াৰ প্ৰথমা পত্নীয়ে বৰ্ণালী দেউৰীৰ বিৰুদ্ধে ৰুজু কৰিছে ব্লেকমেইলিঙৰ গোচৰ।

এজাহাৰত তেওঁ বৰ্ণালী দেউৰীয়ে দীৰ্ঘদিন ধৰি হিল্টন শইকীয়াৰ পৰা ধন, আ-অলংকাৰ দাবী কৰাৰ লগতে তেওঁলোকৰ সংসাৰ ভঙাৰ অভিযোগ আনি এক গোচৰ ৰুজু কৰে।

হিল্টন শইকীয়াৰ পত্নীৰ হিয়াভৰা কান্দোনত শিৱসাগৰ সদৰ থানাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

এক সুত্ৰৰ পৰা জানিব পৰা মতে হিল্টন শইকীয়া আৰু বৰ্ণালী দেউৰীৰ মাজৰ বহু অন্তৰংগ মুহূৰ্তৰ ফটো, টেলিফোনিক বৰ্তালাপৰ ৰেকৰ্ডিং বৰ্ণালী দেউৰীয়ে আৰক্ষীক জমা দিয়া বুলি জানিব পৰা গৈছে।

শিৱসাগৰ যুটীয়া স্বাস্থ্য বিভাগৰ শীৰ্ষ কৰ্মচাৰীৰ দ্বাৰা সংঘটিত এনে নিৰ্লজ কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd