তেলেংগানাৰ হনুমাকোণ্ডা জিলাত বিষাক্ত ‘লেথাৰ ইঞ্জেকশ্যন’ দি কমেও ৩০০টা পথৰ কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত শ্যামাপেট আৰু আৰেপল্লী পঞ্চায়তৰ দুজন মুৰব্বীকে ধৰি ৯জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
অভিযোগ অনুসৰি যোৱা ৬ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীৰ ভিতৰত বিষ প্ৰয়োগ কৰি অঞ্চলটোৰ কুকুৰকেইটাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। সূত্ৰ অনুসৰি কুকুৰকেইটাৰ মৃতদেহ খান্দি পুতি থোৱা হৈছে।
বিষয়টো পোহৰলৈ অহাৰ লগে লগে দেওবাৰে সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু পশু চিকিৎসকৰ এটা দল। মাটিৰ পৰা কেইবাটাও কুকুৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
কৰিমনগৰত থকা ‘ষ্ট্ৰে এনিমেল ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি এ গৌতমে এই ঘটনাত শ্যামাপেট থানাত এজাহাৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
তদন্ত আৰম্ভ হোৱাৰ লগে লগে আৰক্ষীয়ে গম পালে যে শ্যামাপেট আৰু আৰেপল্লী পঞ্চায়ত কৰ্তৃপক্ষৰ সহযোগত ভাড়াতীয়া লোকে পথৰ কুকুৰকেইটাক বিষৰ বেজী দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে গাঁও দুখনৰ পঞ্চায়ত মুৰব্বীকে ধৰি মুঠ ৯জন লোকৰ বিৰুদ্ধে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰে। সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত। তেওঁলোকক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক অনুসন্ধান অভিযান।
আৰক্ষীৰ তদন্তত পঞ্চায়ত প্ৰতিনিধিয়ে গাঁৱৰ এটা অংশৰ হেঁচাত এই চৰম পদক্ষেপ লোৱাৰ কথাও পোহৰলৈ আহিছে। গাঁও পঞ্চায়ত নিৰ্বাচনৰ সময়ত অত্যধিক কুকুৰৰ বাবে সমস্যাৰ সন্মুখীন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল। সমস্যা সমাধানৰ বাবেই হেনো কুকুৰকেইটাক হত্যা কৰা হৈছে। অভিযোগকাৰী গৌতমে দাবী কৰে যে পথৰ কুকুৰক হত্যা কৰাৰ পৰিৱৰ্তে চৰকাৰে টিকাকৰণৰ জৰিয়তে তেওঁলোকৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিছিল।
পাৰ্কল অঞ্চলৰ এচিপি সতীশ বাবুৱে জানিবলৈ দিয়া মতে উদ্ধাৰ হোৱা মৃতদেহৰ নমুনা সংগ্ৰহ কৰি আছে পশু চিকিৎসকে। ফৰেনছিক ৰিপৰ্ট আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পোৱাৰ পিছত বিষক্ৰিয়াৰ ধৰণ আৰু প্ৰকৃত দোষী চিনাক্ত কৰাটো সহজ হ’ব। তদন্তকাৰী বিষয়াসকলে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।





