ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে দেওবাৰে নিশা আৰক্ষীৰ অভিযানত যোৰহাট জিলাৰ পৰা আটক হয় দুটা গৰু চোৰ। আটক হোৱা গৰু চোৰ দুটা হ’ল-টীয়কৰ লাহদৈগড় অঞ্চলৰ মহম্মদ ইদ্ৰিছ আলী আৰু যোৰাহাটৰ কেন্দুগুৰিৰ পাপু শইকীয়া।
ঘটনাৰ বিবৰণী অনুসৰি, টীয়ক আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে পুৱতি নিশা টীয়কৰ হাঁহচৰা অঞ্চলত অভিযান চলাই। আৰক্ষীৰ অভিযানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত চাৰিটা চোৰে গৰু চোৰৰ বাবে পৰিকল্পনা কৰি আছিল।
আৰক্ষীৰ অতৰ্কিত অভিযানত দুটা চোৰ পলায়ন কৰিবলৈ সক্ষম হয় যদিও ইদ্ৰিছ আলী আৰু পাপু শইকীয়া আৰক্ষীৰ হাতত ধৰা পৰে।
উল্লেখযোগ্য যে, চোৰ দুজনৰ লগতে আৰক্ষীয়ে চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ-০১-এ এইচ-২১২১ নম্বৰৰ এখন বিলাসী বাহনৰ লগতে বাল্টি, বিভিন্ন ধৰণৰ ৰচী আদি সামগ্ৰী উদ্ধাৰ কৰে।
সম্প্ৰতি চোৰ দুজন আৰক্ষীৰ জিম্মাত আছে। দীৰ্ঘদিন ধৰি এটা শক্তিশালী গৰুচোৰৰ চক্ৰই শিৱসাগৰ, যোৰহাট আদি অঞ্চলৰ পৰা গৰু চোৰ কৰি বহিঃ ৰাজ্যৰ লগতে বিদেশলৈ চলান দি আহিছে বুলি আটক কৰা চোৰ দুজনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।