ছাত্ৰ ৰোহিত ভেমুলাৰ মৃত্যুৰ তদন্ত সামৰিলে আৰক্ষীয়ে, বিজেপি নেতা, প্ৰাক্তন উপাচাৰ্যক দিলে ক্লিনছি্‌ট

হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ পি এইচ ডি ছাত্ৰ ৰোহিত ভেমুলাৰ মৃত্যুৰ তদন্তৰ সামৰণি মাৰি প্ৰতিবেদন দাখিল কৰে তেলেংগানা আৰক্ষীয়ে। ২০১৬ চনৰ জানুৱাৰী মাহত ভেমুলাই জীৱনৰ অন্ত পেলাইছিল।আৰক্ষীৰ তদন্তৰ পৰা অনুমান কৰিব পাৰি যে ভেমুলাৰ আত্মহত্যাৰ মূল কাৰণ আছিল তেওঁৰ প্ৰকৃত জাতি প্ৰকাশ হোৱাৰ আশংকা, কিয়নো তেওঁ নিজকে অনুসূচিত জাতি শ্ৰেণীৰ বুলি পৰিচয় দিয়া নাছিল।

আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আপ্পা ৰাও আৰু তদানীন্তন ছিকণ্ডৰাবাদৰ বিজেপি সাংসদ বান্দৰু দত্তত্ৰেয়, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, এম এল চি এন ৰামচন্দৰ ৰাও আৰু এ বি ভি পিৰ নেতাসকলক দোষমুক্ত ঘোষণা কৰা হৈছে।

আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে ৰোহিত ভেমুলাই তেওঁ অনুসূচিত জাতিৰ নহয় বুলি জানিছিল আৰু ভেমুলাৰ মাকে তেওঁক অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দিছিল। এইটোও অহৰহ ভয়ৰ অন্যতম হ’ব পাৰে, কিয়নো এইখিনি কথা উন্মোচিত হ’লে তেওঁ বছৰ বছৰ ধৰি উপাৰ্জন কৰা শৈক্ষিক ডিগ্ৰী হেৰুৱাবলগীয়া হ’ব আৰু বিচাৰৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ৰোহিত ভেমুলাৰ ভাতৃ ৰাজাই আৰক্ষীৰ দাবীক ভুল বুলি অভিহিত কৰি কয় যে তেওঁলোকে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ পৰা সহায় বিচাৰিব।ৰাজা ভেমুলাই কয় যে, “এয়া একেবাৰে ভুল, এজন আৰক্ষী বিষয়াই এজন ব্যক্তিৰ জাতিৰ সিদ্ধান্ত ল’ব নোৱাৰে। আমি কাইলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰিবলৈ ওলাইছো। আমি আবেদন দাখিল কৰিম আৰু অন্যান্য বিকল্পও গ্ৰহণ কৰা হ’ব।”