• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 4, 2022 7:38 pm
123
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ ঘোচখোৰ বদনামক নাইকিয়া কৰিবলৈ যিমানে চেষ্টা নকৰক কিয় সেয়া যেন অসম্ভৱ ৷ কাৰণ উপৰুৱা ধনৰ প্ৰতি থকা লোভ এতিয়াও একাংশ আৰক্ষীয়ে সামৰিব পৰা নাই ৷

তাৰ শেহতীয়া প্ৰমাণ বঙাইগাঁৱত দেওবাৰে পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবে ধন দাবী কৰি এজন আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হোৱা ঘটাই পুনৰ উন্মোচিত কৰিছে ৷ উল্লেখ্য যে বঙাইগাঁও সদৰ থানাত কৰ্মৰত আৰক্ষী কনিষ্টবল মজিবৰ ৰহমানে এজন ব্যক্তিক পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবদ ধনদাবীৰ অভিযোগ উত্থাপিত হৈছিল ৷

জানিব পৰা মতে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৪ নম্বৰ চৌৰাগুৰিৰ সুখীৰাম ভৌমিক নামৰ ব্যক্তিজনে কেইদিনমান পূৰ্বে বঙাইগাঁও সদৰ থানাত বিগত ২০২০ চনত বজ্ৰপাত পৰি মৃত্যু হোৱা আত্মীয় এজনৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ পুলিচ ৰিপোৰ্ট এটা বিচাৰি আহিছিল ৷

কিন্তু এই পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবদ আৰক্ষী কনিষ্টবল মজিবৰ ৰহমানে ব্যক্তিজনক দহ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ কৰি আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দিয়ে ৷ এই ধন দাবীৰ অভিযোগৰ ভিত্তিত পিচত আৰক্ষীয়ে কনিষ্টবল গৰাকীক সোধাপোছা কৰাত ধন দাবীৰ অভিযোগটোৰ সত্যসত্যতা থকাটো ওলাই পৰে ৷

কনিষ্টবলজনে আৰক্ষীৰ আগত ধন দাবীৰ কথা স্বীকাৰ কৰাত কনিষ্টবলজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰা হয় ৷ বঙাইগাঁও সদৰ থানাত ৰুজু হোৱা ৩০৫/২২ (305/22 u/s 163/384/511 IPC) নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে পিচত কনিষ্টবল মজিবৰ ৰহমানক দেওবাৰে গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰ কৰা কনিষ্টবলজনক পিচত আদালতত হাজিৰ কৰাত আদালতে কনিষ্টবল মজিবৰ ৰহমানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ জেললৈ প্ৰেৰণ কৰা আৰক্ষী কনিষ্টবলজনৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰৰ ৪ ৱাৰ্ডৰ টেংনামাৰীত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে এইগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে পূৰ্বৰে পৰা এইদৰে পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবদ ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd