NORTHEAST NOW (Assamese)

ধুবুৰীৰ চৰত উত্তেজনা; আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত এজন লোক নিহত আৰু তিনিজন আহত হোৱাৰ অভিযোগ

January 4, 2020 11:50 am · এন ই নাও নিউজ
আৰক্ষীৰ গুলীত আহত এজন লোক,উৎস-ইণ্টাৰনেট

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহামায়া চৰত শুকুৰবাৰে নিশা আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত নুৰজামাল নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত লোক তিনিজন হ’ল ক্ৰমে-দুলাল হুছেইন, পাশান আলী আৰু আলম।

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি নিশা আৰক্ষীয়ে গৰু চোৰক লগত লৈ অঞ্চলটোত গৰু চুৰি কৰিব গৈছিল আৰু সেই সময়ত গাঁৱৰ লোকসকলে দলটোক ঘেৰি ধৰাত আৰক্ষীয়ে নিৰ্বিচাৰে গুলী চালনা কৰে।

আনহাতে, অঞ্চলটোৰ পৰা বহুবাৰ ১০৮ সেৱাৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও যাতায়তৰ বাবে অঞ্চলটো দুৰ্গম হোৱা বাবে ১০৮ সেৱা উপলব্ধ নোহোৱাত স্থানীয় ৰাইজে ব্যক্তিগত বাহনেৰে আঘাতপ্ৰাপ্ত লোক কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ আহে বুলি জনায়।

শুকুৰবাৰৰ নিশাৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান ধুবুৰীৰ মহামায়া চৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল মোতায়ন কৰা হৈছে।

বৰ্তমান আৰক্ষীৰ তৰফৰ পৰা ঘটনা সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নায়।

উল্লেখযোগ্য যে, প্ৰকৃততে নিশা অঞ্চলটোত কি হৈছিল, কি কাৰণত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হ’ল সমগ্ৰ কথা পৰৱৰ্তী তদন্তত পোহৰলৈ আহিব।

Related News