NORTHEAST NOW (Assamese)

দেৱশীষ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য: স্বতঃস্ফূৰ্ত ভাৱে বন্ধ মৰিয়নীৰ নকছাৰীৰ দোকান পোহাৰ

May 31, 2020 2:46 pm · নীৰ্মলেন্দু পাঠক

২৯ মে’  তাৰিখে বিয়লি মৰিয়নীৰ গাভৰু চাহ বাগিচাত উদণ্ড জনতাৰ প্ৰহাৰত গুৰুতৰভাবে আহত হৈ কালি নিশা প্ৰাণ হেৰুওৱা দেৱশীষ গগৈৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি বিয়লী দেওবাৰে নিজ ঘৰ পাবহি।

অভি-নীল অথবা ঝংকাৰ হত্যাকাণ্ডৰ অনুৰূপ ধৰণে মৰেল পুলিচৰ নামত প্ৰাণ হেৰুওৱা দেৱশীষ গগৈ হত্যাৰ উচিত তদন্ত বিচাৰি কেইবাশতাধিক লোকে আজি ভিৰ কৰে দেবেৰাপাৰ আৰক্ষী চকীত।

স্বতঃস্ফূৰ্তভাবে বন্ধ হৈ পৰিছে মৰিয়নীৰ নকছাৰীৰ দোকান পোহাৰ।

আটাছু, আছুৰ লগতে স্থানীয় লোকে দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়।

অন্যহাতে সমগ্র ঘটনাৰ লগত গাভৰু চাহ বাগিছাৰ কৰ্তৃপক্ষ জড়িত থকা অভিযোগ উত্থাপন কৰি তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আটাছুৱে দাবী জনায়।

আনহাতে এই ঘটনাৰ তদন্তৰ দাবী জনাই কেউবাখনো এজাহাৰ আৰক্ষী থানাত দিয়াৰ বিপৰীতে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ৪ জন ব্যক্তিক আটক কৰিছে বুলি জানিব পৰা গৈছে।

Related News