‘সৰ্বানন্দ সোণোৱাল এজন অকৰ্মণ্য মুখ্যমন্ত্ৰী, তেজ দিম তেল নিদিও শ্ল’গান দিয়া মুখ্যমন্ত্ৰীয়ে আঁভুৱা ভাৰিছে অসমৰ জনতাক। মুখ্যমন্ত্ৰীয়ে পুনৰ অসমত গুপ্তহত্যাৰ পাতনি মেলিছে। অসমৰ ইতিহাসত সবাটোতকৈ কলংকিত মুখ্যমন্ত্ৰী হৈ ৰ’ব সৰ্বানন্দ সোনোৱাল।’ এই কথা প্ৰকাশ কৰে শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
শুকুৰবাৰে নিশা চাবুৱাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দ্বীপনজ্যোতি ফুকনক তেওঁৰ নিজ গাঁৱৰ পৰা মুখত ক’লা কাপোৰ বন্ধা কোনো অচিনাক্ত দূৰ্বৃত্তই এখন বলেৰ’ গাড়ীত তুলি অপহৰণ কৰি নিছিল।
উল্লেখ্য যে, দ্বীপনজ্যোতি ফুকনক প্ৰায় ডেৰ ঘন্টা ধৰি গাড়ীত ঘূৰাই হাত ভৰি বান্ধি টেঙাখাত নদীৰ ওচৰৰ দলং এখনত পেলই থৈ যোৱাৰ লগতে তেওঁক মৃত্যুৰ ভাবুকি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।
এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰিতুমণি হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দ্বীপনজ্যোতি ফুকনক অচিনাক্ত দূৰ্বৃত্তই অপহৰণ কৰি মৃত্যুৰ ভাবুকি দিয়া ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে।

তেওঁ কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত পুনৰ গুপ্তহত্যাৰ পৰিবেশ সৃষ্টি কৰিছে।
মুখ্যমন্ত্ৰীৰ ইচ্ছামতেই কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীৰ ওপৰত গুপ্তহত্যাকাৰী দলে আক্ৰমণ চলাইছে বুলিও মন্তব্য কৰে তেওঁ।
ইয়াৰ জলন্ত উদাহৰণ চাবুৱাৰ দ্বীপনজ্যোতি ফুকনৰ অপহৰণৰ ঘটনা বুলি কয় ৰিতুমণি ফুকনে।
মুখ্যমন্ত্ৰীৰ গৃহ বিভাগক এনে ধৰণৰ ঘটনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ছাত্ৰ মুক্তি সংগ্ৰাহ সমিতিয়ে।
অন্যথা অসমৰ জনগণে তেওঁক ইতিহাসৰ আটাইতকৈ কলংকিত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিব।
আনহাতে অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
এসময়ত তেজ দিম তেল নিদিও বুলি শ্ল’গান দিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া অসমৰ তৈলক্ষেত্ৰসমুহ বিক্ৰী কৰি অসমৰ জনতাক আভুৱা ভাৰিছে বুলিও উল্লেখ কৰিছে বিবৃতিটোত।