কি কাণ্ড! ৬৪৩ বাৰ ট্ৰেফিক আইন ভংগ; স্কুটি চালকক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে

ফটোঃ সংগ্ৰহীত।

যান-বাহন আইনক কোনো পৰোৱাই নকৰে এই ব্যক্তিজনে! হেলমেট নোহোৱাকৈ স্কুটাৰত উঠি প্ৰকাশ্যে ঘূৰি ফুৰে। বাৰে বাৰে যান-বাহন নিয়ম উলংঘা কৰিছে। যোৱা বছৰৰ জানুৱাৰীৰ পৰা ১৬ ডিচেম্বৰলৈকে মাত্ৰ এই ১১ মাহত তেওঁৰ স্কুটীয়ে ৬৪৩ বাৰ আইন ভংগ কৰিছিল। জৰিমনাও বৃহৎ হৈছে।

মুঠতে তেওঁ ৩ লাখ ২২ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া আছে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে ট্ৰেফিক আৰক্ষীও স্তম্ভিত হৈ পৰিল। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। বাংগালুৰু যান-বাহন আৰক্ষী বিষয়াই বিচাৰি ফুৰিছে স্কুটি বা স্কুটি চালকজনক। কিন্তু এতিয়াও ধৰা পৰা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্কুটীখনৰ পঞ্জীয়ন নম্বৰ হৈছে KA04KF9072।

লগতে পঢ়কঃ কাৰাৰুদ্ধ মনীষ চিছ’দিয়াক তিনিদিনৰ অন্তৱৰ্তীকালীন জামিন

যান-বাহন আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বেছিভাগ সময়তে সেই ব্যক্তিজনে আইন ভংগ কৰিছিল আৰ টি নগৰ টাৰলাবালু জংচন এলেকাত। সকলো যান-বাহন উলংঘাৰ ৬০ শতাংশ সেই অঞ্চলত সংঘটিত হৈছিল। সেই দৃশ্য কেমেৰাত ধৰা পৰিছে।

প্ৰতিবাৰেই তেওঁ আইন ভংগ কৰাৰ ক্ষেত্ৰত এটা কথা একেবাৰে কমন। মূৰত হেলমেট নাই। প্ৰতিবাৰেই মানুহজনক হেলমেট নোহোৱাকৈ ষ্ট্ৰীট কেমেৰাত দেখা গৈছিল। যেন এই ব্যক্তিজনে হেলমেট কি নাজানে। পিছফালে আন এজন ব্যক্তিক লৈ স্কুটিত উঠি থকা দেখা গৈছে ব্যক্তিজনক। তেওঁৰো মূৰত হেলমেট পিন্ধা নাই।

এইদৰে অসাৱধানতাৰে স্কুটিখন চলাই তেওঁ যেনেকৈ নিজৰ বাবে বিপদৰ সৃষ্টি কৰিছে, তেনেকৈয়ে তেওঁ পথৰ আন বাহনৰ চালকৰ বাবেও বিপদ বৃদ্ধি কৰিছে। বাংগালুৰু যান-বাহন আৰক্ষীয়ে এই বিষয়টো অতি গুৰুত্বসহকাৰে চাইছে।

লগতে পঢ়কঃ বিপদত ভাৰতীয় শিবিৰঃ তৃতীয় টেষ্টৰ পৰা বাহিৰ ৰাহুল, দললৈ পাডিকাল

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “আৰক্ষীয়ে ইতিমধ্যে চালকজনৰ মুখখন চিনাক্ত কৰিছে। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে স্কুটি চালক বা স্কুটীৰ কোনো সন্ধান পোৱা নাই। আমি জানিব পাৰিছো যে যান-বাহন নিয়ম উলংঘা কৰাৰ বাবেও ব্যক্তিজনৰ যথেষ্ট জৰিমনা ভৰিবলগীয়া আছে। এনে উলংঘাকাৰীক কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব। এই গাড়ীখন যাৰ নামত আছে তেওঁৰ বিৰুদ্ধেও আমি জাননী জাৰি কৰিম।”